বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়ালৈ ২০২০ বৰ্ষৰ “আনন্দৰাম ঢেকিয়াল ফুকন বঁটা”

download 4

নিজৰ সাধনা আৰু প্ৰতিভাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠা অসমৰ এগৰাকী খ্যাতনামা অভিনেতা তথা শিল্পী বিষ্ণু খাৰঘৰীয়ালৈ ২০২০ বৰ্ষৰ “আনন্দৰাম ঢেকিয়াল ফুকন বঁটা” আগবঢ়োৱা হ’ব।আজি আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱতীয়ে সাংবাদিকক জনোৱা মতে,২০২০ বৰ্ষৰ ২৮ ডিচেম্বৰত অনুষ্ঠিত হোৱা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাই বঁটা বাচনি সমিতিৰ অনুমোদন মৰ্মে অভিনেতা গৰাকীক ২০২০ বৰ্ষৰ “আনন্দৰাম ঢেকিয়াল ফুকন বঁটা”ৰ বাবে নিৰ্বাচিত কৰে।

উল্লেখযোগ্য যে, ১৯৪৬ চনত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰা শিল্পী গৰাকীয়ে যোৱা শতিকাৰ ৭০ দশকতে শিশু শিল্পী হিচাপে অভিনয় ক্ষেত্ৰত আত্মপ্ৰকাশ কৰি এই পৰ্যন্ত ত্ৰিশ খনতকৈও অধিক ছবিত অভিনয় কৰি ১৯৯৫ আৰু ২০১৩ চনত দুবাৰকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।১৯৯৬ চনত ছিংগাপুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেতাৰ সন্মানো লাভ কৰা এইগৰাকী বৰেণ্য অসমীয়ালৈ ২০২০ বৰ্ষৰ “আনন্দৰাম ঢেকিয়াল ফুকন বঁটা” আগবঢ়াবলৈ পাই আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় পৰিয়ালে গৌৰৱ অনুভৱ কৰিছে।

অহা ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে এই বঁটা প্ৰদান কৰা হ’ব।এই বঁটাত আছে নগদ ২৫,০০০ টকা, মানপত্ৰ আৰু গ্ৰন্থৰ টোপোলা। ২০১৭ বৰ্ষৰ পৰা প্ৰদান কৰি অহা এই বঁটা বিগত বৰ্ষসমূহত ক্ৰমে বিশিষ্ট কৃষি বিজ্ঞানী ড° বিদ্যুৎ শৰ্মা(২০১৭), বিশিষ্ট ভাষাবিদ নাহেন্দ্ৰ পাদুন(২০১৮) আৰু ২০১৯ বৰ্ষত মানৱ অধিকাৰ কৰ্মী বিৰুৱালা ৰাভাক প্ৰদান কৰা হয়।

Exit mobile version