এইবাৰ দৰ্জিৰ দোকান খুলি চর্চিত অভিনেতা ছনু সুদ

Prabhatkhabar 2021 01 7cbbc569 29fd 411b 818d 61cba4e90e09 shop

চিলাই মেচিনত বহি কাপােৰ চিলােৱাত ব্যস্ত জনপ্রিয় অভিনেতা তথা দৰিদ্ৰৰ ভগৱান স্বৰূপ ছনু সুদ। কালি এনে এটা ভিডিঅ’ নিজৰ ছ’চিয়েল মিডিয়াৰ একাউণ্টত শ্বেয়াৰ কৰিছিল ছনুৱে।

ইয়াৰ পাছতে এই ভিডিঅ’ ভাইৰেল হয়। এই ভিডিঅ’ প্রত্যক্ষ কৰি একাংশই ছনুক নিজৰ বাবে সাজ-পােছাক চিলাই দিবলৈ অনুৰােধ জনাইছে। এজন অনুৰাগীয়ে আনকি ছনুৰ টেইলৰিং দোকানৰ ছুপাৰভাইজাৰ হ’বলৈকো আগ্রহ প্রকাশ কৰিছে।

এই ভিডিঅ’ টুইটাৰত শ্বেয়াৰ কৰি ছনুৱে প্ৰকাশ কৰা মতে, তেওঁ এখন টেইলৰিং দোকান খুলিছে আৰু এই দোকানত দৰিদ্ৰক বিনামূল্যে কাপােৰ চিলাই দিয়া হ’ব। ছনুৱে টুইটাৰত উক্ত ভিডিঅ’ৰ লগতে এইদৰে মন্তব্য কৰে। ছনু সুদ টেইলৰ শ্ব’প। ইয়াত বিনামূল্যে কাপােৰ চিলােৱা হয়।

অৱশ্যে পেণ্টৰ স্থানত কি তৈয়াৰ হ’ব তাৰ কোনাে নিশ্চয়তা দিব নােৱাৰাে । উল্লেখ্য যে বলিউডৰ এইজন অভিনেতাই কৰ’না ভাইৰাছৰ সংক্ৰমণ আৰু তলাবন্ধৰ সময়ছােৱাত দেশৰ বহু।দৰিদ্ৰ লােকক বিভিন্ন ধৰণৰে সাহায্য প্রদান কৰি সংবাদ শিৰােনাম দখল কৰিছিল।

https://twitter.com/SonuSood/status/1350334312952942592?s=20

Exit mobile version