দিল্লীত মুকলি কৰা হ’ব বাইক এম্বুলেন্স

crpf bike ambulance 1610946059

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই সংযুক্তভাৱে বাইক এম্বুকেন্স নিৰ্মাণ কৰি উলিয়াইছে । মঙলবাৰে দিল্লীত মুকলি কৰা হ’ব কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই সংযুক্তভাৱে নিৰ্মাণ কৰা বাইক এম্বুলেন্স।

নক্সাল প্ৰভাৱিত অঞ্চলসমূহত চিকিৎসাজনিত জৰুৰীকালীন অৱস্থা আৰু আঘাতপ্ৰাপ্ত নিৰাপত্তা বাহিনীৰ কৰ্মীসকলক জৰুৰীকালীন ভাৱে স্থানান্তৰৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ) আৰু প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডিঅ)য়ে আৰম্ভ কৰে ৰক্ষিত নামৰ এই বাইক এম্বুলেন্সখন।

Exit mobile version