প্ৰতিনিশাই মানাহৰ বনৰীয়া হাতীৰ বৃহৎ জাকে তাণ্ডৱ চলাই আহিছে মানাহ সমীপৱৰ্তী বহুকেইখন গাঁৱত৷ বাগসা শালবাৰীৰ ওদালগুৰি, বালিপুৰ আৰু বিশপানীত একেৰাহে কেবাদিনো ধৰি তাণ্ডৱ চলাই আহিছে বন্যহস্তীৰ জাকে৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা যোৱা নিশাও ওলাই অহা বন্যহস্তীৰ এটা বৃহৎ জাকে তাণ্ডৱ চলায় অঞ্চল তিনিটাত ৷
বিলাহী, জলকীয়া, বেঙেনা,পানীলাও,ৰঙালাও,উৰহী আদি এশ বিঘাতকৈও অধিক শস্য খাই তহিলং কৰে বন্যহস্তীৰ জাকটোৱে৷ খেতিৰ লগতে বহু পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰি বিস্তৰ ক্ষতিসাধন কৰে ৷ নিশাই গাঁওবাসীয়ে হাতীৰ জাকটো খদি পঠিওৱাৰ চেষ্টা কৰি যদিও বিফল হয় ৷
ৰাইজে বনবিভাগক খবৰ দিয়াত ঘটনাস্থলীত বনবিভাগৰ লোক উপস্থিত হৈ ক্ষয়ক্ষতিৰ বুজ লৈ ক্ষতিগ্ৰস্ত খেতিয়ক-পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ আশ্বাস প্ৰদান কৰে ।উল্লেখ্য যে প্ৰতিবছৰে হাতীয়ে কৃষকৰ খেতিৰ লগতে বহু পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি অনিষ্ট সাধন কৰি অহাৰ পিছতে বনবিভাগে কৃষক সকলক ক্ষতিপূৰণ আদায় দিয়াৰ আশ্বাস প্ৰদান কৰে যদিও আজি পৰ্যন্ত কৃষকসকলে কোনোধৰণৰ ক্ষতিপূৰণ লাভ কৰিবলৈ সক্ষম নহ’ল ৷
প্ৰতিজন কৃষকে বেংকৰ পৰা ঋণ লৈ খেতি কৰাৰ অন্তত বনৰীয়া হাতীয়ে কৃষিভূমিত তাণ্ডৱ চলোৱাত মুৰে কপালে হাত দিবলগীয়া হৈছে উপায়ন্তৰ কৃষকসকলে৷চৰকাৰৰ ফালৰপৰা উচিত ক্ষতিপূৰণ নাপালে আত্মহত্যাৰ বাহিৰে বিকল্প পথ নাথাকিব বুলিও হুংকাৰ প্ৰদান কৰে ক্ষতিগ্ৰস্ত কৃষকসকলে ৷ উল্লেখ্য যে মানাহৰ হাতীৰ তাণ্ডৱত বিধস্ত বিশপানী গাঁৱৰ নিচেই সমীপত বনবিভাগৰ চকলাপানী বীট কাৰ্যালয় আছে যদিও কোনোধৰণে সহায় নকৰে বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে৷