ক’ভেক্সিন গ্ৰহণৰ ক্ষেত্ৰত ভাৰত বায়’টেকৰ তথ্যপ্ৰকাশ

80346551

ক’ভেক্সিনৰ পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পূৰ্বে অনুমোদন পত্ৰ লাভ কৰাক লৈ সৃষ্টি হৈছে সমালোচনাৰ । ভাৰত বায়’টেকৰ কৰ’না প্ৰতিষেধক ক’ভেক্সিন ব্যৱহাৰ কৰা হৈছে টিকাকৰণত । কিন্তু দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিষেধক গ্ৰহণ কৰা সকলৰ শৰীৰত পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছত সতৰ্কতা জাৰি কৰিছে ভাৰত বায়’টেকে । কোনসকল লোকে এই প্ৰতিষেধক গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লাগে তাৰ এখন তথ্যপত্ৰ প্ৰকাশ কৰিলে ভাৰত বায়’টেকে ।

কালি এই তথ্যপত্ৰ প্ৰকাশ কৰে ভাৰত বায়’টেকে । তথ্যপত্ৰত উল্লেখ কৰা হৈছে, তাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অথবা এনে কোনো ঔষধ খাই আছে যাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ওপৰত প্ৰভাৱ পৰে, যাৰ এলাৰ্জিৰ সমস্যা আছে সেইসকল লোকে ক’ভেক্সিন গ্ৰহণৰ পৰা বিৰত থাকা উচিত । প্ৰসূতি মহিলা, শিশুক স্তন্যপান কৰোৱা মহিলাসকলক এই প্ৰতিষেধক গ্ৰহণ কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে ।’

লগতে জ্বৰ হ’লে, ৰক্তপাতৰ সমস্যা থাকিলে, ৰক্ত সঞ্চালন স্বাভাৱিক ৰখাৰ ঔষধ খালে অথবা অন্য কোনো গুৰুত্বৰ শাৰীৰিক সমস্যা থাকিলেও প্ৰতিষেধক গ্ৰহণ কৰা নিৰাপদ নহ’ব বুলি জাননি দিয়ে ভাৰত বায়’টেকে । পূৰ্বৰ পৰা অন্য কোনো কৰ’না প্ৰতিষেধক গ্ৰহণ কৰি থাকিলে ক’ভেক্সিন গ্ৰহণ কৰা শ্ৰেয় নহয় বুলিও সতৰ্ক কৰে সাধাৰণ লোকক ।

এলাৰ্জি থকা লোকে ক’ভেক্সিনৰ প্ৰতিষেধক গ্ৰহণ কৰিলে শ্বাস লোৱাত সমস্যাৰ সৃষ্টি হ’ব পাৰে । তেওঁলোকে জনায় যে শ্বাসজনিত সমস্যাৰ লগতে ডিঙি আৰু মুখ ফুলি যাব পাৰে । শৰীৰত ফো‌ঁহা ওলাব পাৰে । শৰীৰ দুৰ্বল হৈ পৰিব । মুৰ ঘূৰণীত পৰিও যাব পাৰে তেওঁলোকে । প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছত শৰীৰত কি কি প্ৰতিক্ৰিয়াই দেখা দিয়ে, তেওঁলোকে কি ঔষধ খাইছে আৰু কেনেধৰণৰ এলাৰ্জি আছে সেইটো জনোৱাৰ বাবেও অনুৰোধ জনাইছে ভাৰত বায়’টেকে ।

লগতে শৰীৰত অসম্ভৱ যন্ত্ৰণা, অংগ-প্ৰতংগ ফুলি যোৱা, মূৰৰ বিষ, জ্বৰ, বমিৰ ভাৱ ক’ভিক্সিনৰ প্ৰতিষেধকৰ পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ মাজত পৰে বুলিও জনোৱা হৈছে । প্ৰতিষেধকৰ দ্বিতীয় ড’জ গ্ৰহণৰ পাছত ভাৰত বায়’টেকে তিনি মাহ টিকাপ্ৰাপকসকলৰ শৰীৰত কি পাৰ্শ্বপ্ৰতিক্ৰিয়াই দেখা দিছে সেয়া পৰ্যৱেক্ষণ কৰিব । প্ৰতিষেধক দিয়াৰ পাছত যদি কোনো লোক গুৰুত্বৰ অসুস্থ হৈ পৰে, তেন্তে চৰকাৰী চিকিৎসালয় আৰু চৰকাৰী অনুমোদিত চিকিৎসালয় অথবা চিকিৎসা কেন্দ্ৰত তেওঁৰ চিকিৎসাৰ দায়িত্ব ল’ব উক্ত সংস্থাই ।  প্ৰয়োজন হ’লে ক্ষতিপূৰণো দিব ।

Exit mobile version