নুমলীগড়ত সঁজাল কুটীৰৰ দ্বিতীয় বৰ্ষপূৰ্তি সম্পন্ন

WhatsApp Image 2021 01 19 at 8.20.48 PM

অসমৰ গ্ৰাম্য চহা জীৱনৰ স’তে জড়িত বহু সমল বৰ্তমান বিলুপ্ত হোৱাৰ পথত। বিভিন্ন কৃষি আৰু কৃষি ভিত্তিক উৎসৱৰ স’তে ব্যৱহৃত বিলুপ্তপ্ৰায় এসময়ৰ অসমীয়া সমাজৰ অবিচ্ছেদ্য এই আপুৰুগীয়া সমলসমূহ সংগ্ৰহৰ লগতে বৌদ্ধিক চিন্তা চৰ্চাৰ কেন্দ্ৰ স্বৰূপে উজ্বলি উঠিছে নুমলীগড়ৰ ‘সঁজাল কুটীৰ’।

নুমলীগড়ৰ জ্যেষ্ঠ সাংবাদিক প্ৰিয়ংদ্বীপ কাকতিৰ ব্যক্তিগত প্ৰচেষ্টাত ঘৰৰ চৌহদত স্থাপন কৰা ‘সঁজাল কুটীৰে’ প্ৰতিষ্ঠাৰ দুটা বৰ্ষ সফলতাৰে অতিক্ৰম কৰে। কৃষ্টি-সংস্কৃতি ৰক্ষাত অনন্য ভূমিকা পালন কৰা ‘সঁজাল কুটীৰ’ৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে কালি ‘সঁজাল কুটীৰ’ৰ বাকৰিত এক মনোজ্ঞ অনুষ্ঠান অনুষ্ঠিত হয়। জিলাখনৰ প্ৰায় চাৰি শতাধিক সাহিত্য-সংস্কৃতি, সাংবাদিকতা আৰু সামাজিক ক্ষেত্ৰৰ স’তে জড়িত ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত হয় ‘পথৰুৱা গানৰ মাটিৰ মালিতা’ শীৰ্ষক অনুষ্ঠান।

  

সাংবাদিক প্ৰদীপ কুমাৰ বৰাই আঁত ধৰা অনুষ্ঠানটোত ‘সঁজাল কুটীৰ’ত যোৰহাটৰ খ্যাতি সম্পন্ন চিত্ৰ- ভাস্কৰ্য্য শিল্পী ত্ৰৈলোক্য বৰুৱাৰ হাতৰ পৰশত প্ৰাণ পাই উঠা অসমীয়া কৃষক পৰিয়ালৰ এটি অনুপম ভাস্কৰ্য শিল্পৰ উদ্বোধন কৰে সাংবাদিক পেঞ্চনাৰ দ্বীপেন দত্তই।

উদ্বোধনী ভাষণত সাংবাদিক গৰাকীয়ে ‘অসমীয়া জাতি জীয়াই থাকিবলৈ হ’লে জাতিৰ ঐতিহ্য সমূহৰ সংৰক্ষণ হবই লাগিব’ বুলি উল্লেখ কৰি অসমীয়া কৃষ্টি-সংস্কৃতিৰ স্বাভিমান ৰক্ষাত ‘সঁজাল কুটীৰ’ৰ পৰিয়ালৰ ভূমিকাক তেওঁ ভূয়সী প্ৰশংসা কৰে। ‘শিপা নাথাকিলে যিদৰে এজোপা গছ জীয়াই থকাটো সম্ভৱ নহয় ঠিক তেনেদৰে অসমৰ দৰে এখন ৰাজ্যত লোক কৃষ্টিৰ বিলুপ্তিয়ে একেই বাৰ্তা বহন কৰিব’ বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

পুৰণি অসমীয়া পৰিয়ালৰ চৌহদৰ পদূলিৰ নঙলা খুলি ‘সঁজাল কুটীৰ’ত প্ৰৱেশ কৰা অভ্যাগতসকলৰ উপস্থিতিত বিশিষ্ট নিবন্ধকাৰ মনোজ কুমাৰ শইকীয়া আৰু বিবেকানন্দ কেন্দ্ৰ এন আৰ এল চিকিৎসালয়ৰ চিকিৎসা সঞ্চালক ডা: ৰঞ্জন কুমাৰ মহন্তই বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত সঁজাল কুটীৰৰ পৰিয়ালৰ তৰফৰ পৰা বিশিষ্ট শিল্পী বীৰেন দাস, ভাস্কৰ্য শিল্পী ক্ৰমে ত্ৰৈলোক্য বৰুৱা আৰু গৌতম বৰুৱা, নিজ চিত্ৰ শিল্পৰে অলপতে আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ উপৰিও ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হোৱা প্ৰতিভাবান ছাত্ৰ মৃগাংক বৰদলৈ আৰু আদৰ্শ কৃষক চনু কুৰ্মীক বিশেষ সম্বৰ্ধনা জনোৱা হয়।

মুকলি আকাশৰ তলত জুইৰ উমাল পৰিৱেশত গীত-মাতৰ বৰ্ণময় অনুষ্ঠানটোৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক তথা সাংবাদিক দিগন্ত কুমাৰ ভূঞাই। অনুষ্ঠানত জ্যোতি সোঁৱৰণৰ লগতে শিল্পী অৰুণ গগৈ, ৰঞ্জিত ৰজক, অন্বেষা তামুলী, আইলিন গগৈ, অকাশনীল হাজৰিকা, অনুপম ভূঞা, শিশু শিল্পী কায়ত্ৰী বৰুৱা ,অনল অনিৰ্বাণ কলিতা, অভ্ৰনীল কাকতি আৰু অনুস্কা কাকতিয়ে গীত পৰিৱেশন কৰে।

অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক ক্ৰমে জিতু শৰ্মা ৰাজখোৱা , জিতেন কুমাৰ হাজৰীকা বুবুল দত্ত, প্ৰদ্যুত মহন্ত, অমৰ শৰ্মা দ্বীপজ্যোতি হাজৰিকা, লিখক সাহিত্যিক ইমৰান হুছেইন, তিতাৰম দাস, ছাত্র নেতা ধ্ৰুৱজ্যোতি বৰা আদিয়ে অসমৰ সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ সম্পৰ্কে বক্তব্য প্ৰদান কৰে।

কবি মনালিছা শইকীয়া, অজন্তা তালুকদাৰ, পৰাগ হাজৰিকা, বৰষা কলিতা আৰু শোভিত কমল বৰাৰ কবিতা আবৃত্তিয়ে অনুষ্ঠানটো অধিক জীপাল কৰি তোলে। লোক সংস্কৃতিৰ সংৰক্ষণৰ ক্ষেত্ৰত নুমলীগড়ৰ ‘সঁজাল কুটীৰ’ পৰিয়ালৰ একক প্ৰচেষ্টাক সংস্কৃতিবান বৌদ্ধিক সমাজে আদৰণি জনাইছে ।

Exit mobile version