মাত্র ৩৭ বছৰতে ২৬ যুৱতীক বিবাহ বাংলাদেশী যুৱকৰ

should you make a citizens arrest 1

বিভিন্ন কাৰণত মানুহে বহু বিবাহ কৰে। কোনােবাই যদি ধর্মীয় কাৰণত, কোনােবাই আকৌ সন্তানৰ তাগিদাত; আন কোনােবাই হয়তাে লম্পট স্বভাৱৰ বাবেই একাধিক মহিলাৰ পাণি গ্রহণ কৰে। কিন্তু কেৱল চখৰ বাবেই বহু নাৰীক বিয়া কৰােৱা লােক হয়তাে পােৱা নাযাব। সম্প্রতি তেনে এজন যুৱকৰ সন্ধান পােৱা গৈছে বাংলাদেশত। মাত্র ৩৭ বছৰ বয়সতে বাবু শ্বেইখ নামৰ যুৱকজনে ২৬ গৰাকী যুৱতীক বিবাহ কৰিছিল।

অৱশ্যে ২৭ নম্বৰ বিয়াত বহাৰ পূর্বেই তেওঁ গ্রেপ্তাৰ হ’বলগীয়া হ’ল।বাবুৰ আন এটা চখ হৈছে দামী ম’বাইল ফোন চুৰি কৰা। অৱশ্যে ম’বাইল চুৰি তেওঁৰ প্রধান চখ নহয়। বৰঞ্চ বিয়াৰ খৰচ যােগাৰ কৰাৰ বাবেই ম’বাইল ফোন চুৰি অব্যাহত ৰখাৰ ফলত এটা সময়ত সেই কর্মও তেওঁৰ নিচাত পৰিণত হয়। ম’বাইল চুৰি কার্যত তেওঁৰ সহযােগী আছিল সম্পর্কীয় ভ্রাতৃ আবুল খায়েৰ। সম্প্রতি আৰক্ষীয়ে দুয়ােকে গ্রেপ্তাৰ কৰাৰ পাছত বহু বিবাহৰ তথ্যও পােহৰলৈ আহে।

ঢাকাৰ কৰিদপুৰ অঞ্চলৰ এই ঘটনাই সম্প্রতি ব্যাপক তােলপাৰ লগাইছে। আৰক্ষীয়ে জনােৱা মতে, ভাংগা উপ জিলাত একেৰাহে কে’বাটাও চুৰিৰ অভিযােগ উত্থাপন হয়। সেই গােচৰৰ তদন্ত কৰাৰ সময়তে আৰক্ষীয়ে প্রথমে আবুলক গ্রেপ্তাৰ কৰে। আবুলৰ স্বীকাৰােক্তিৰ ভিত্তিত যােৱা মঙলবাৰে বাবুক গ্রেপ্তাৰ কৰা হয়। স্বীকাৰােক্তি বাবুরে জনাইছে যে প্রধানকৈ দৰিদ্ৰ আৰু অসহায় পৰিয়ালৰ যুৱতীক বিয়া কৰােৱাই আছিল তেওঁৰ লক্ষ্য।

তেওঁৰ প্রধান নিচা দুটাই, বিয়া কৰােৱা আৰু দামী মবাইল ফোন চুৰি কৰা। দামী ম’বাইল ফোন চুৰি কৰাৰ পাছত আইইএমই নম্বৰ পৰিৱৰ্তন কৰি বিক্ৰী কৰে। সেই ধনেৰেই তেওঁ বিয়া কৰাইছিল। বাবুৱে জনায় যে গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ অভাৱৰ সুযােগ লৈছিল তেওঁ। তেনে পৰিয়ালক ধনব। প্রলােভন দি তেওঁলােকৰ কন্যাক বিয়া কৰাইছিল। তাৰ পাছত সেই অঞ্চলত অনুসন্ধান চলাই চুৰি কার্য সমাধা কৰি তাৰ পৰা পলায়ন কৰিছিল।

শেহতীয়াকৈ ভাংগা নগৰত বাবুৱে দিন-দুপৰতে দামী ম’বাইলৰ উপৰি এজন লােকৰ গৃহৰ পৰা মটৰ চাইকেল, লেপটপ আদি বহু মূল্যবান সামগ্রী চুৰি কৰে। সেই ঘটনাৰ তদন্ত কৰােতেই আৰক্ষীয়ে বাবু আৰু আবুলৰ তথ্য লাভ কৰে। লক্ষ্যণীয়ভাৱে যােৱা বৃহস্পতিবাৰে বাবুৱে উক্ত অঞ্চলৰে এগৰাকী দৰিদ্ৰ পৰিয়ালৰ যুৱতীক বিবাহ কৰােৱাৰ কথা আছিল। কিন্তু ২৭ নম্বৰ বিবাহৰ পৰা তেওঁ বঞ্চিত হৈ ৰ’ল।

Exit mobile version