‘লাভ জিহাদ’ বিৰোধী আইনত প্ৰথম গোচৰ ৰোজো মধ্যপ্ৰদেশত

Love Jihad 0

‘লাভ জিহাদ’ বিৰোধী আইনত প্ৰথম গোচৰ ৰোজো কৰা হয় মধ্যপ্ৰদেশত । মধ্যপ্ৰদেশৰ বাৰৱানি জিলাৰ ২২ বছৰীয়া যুৱতীৰ অভিযোগৰ ভিত্তিত ৰোজো কৰা হয় গোচৰ । ইছলাম ধৰ্মত ধৰ্মান্তৰিত হৈ বিয়া কৰোৱাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে তেওঁক শাৰীৰিক অত্যাচাৰ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীয়ে । বিজেপি শাসিত ৰাজ্যত এই বিতৰ্কিত আইন পাছ হোৱাৰ পাছত এইটোৱে প্ৰথম গোচৰ ।

গোচৰটোৰ সন্দৰ্ভত বাৰৱানিৰ ইনস্পেক্টৰ ৰাকেশ যাদৱে কয়, ‘মহিলাগৰাকীৰ অভিযোগ অনুসৰি, অভিযুক্তই তেওঁক যৌন নিৰ্যাটন কৰিছিল । ইয়াৰ পাছত বিয়া তথা ইছলাম ধৰ্মত ধৰ্মান্তৰিত হ’বৰ বাবে জোৰ কৰে । সেয়েহে মহিলাগৰাকীয়ে গোচৰ ৰোজো কৰে ।’মধ্যপ্ৰদেশ ফ্ৰিডম অৱ ৰিলিজিয়ন অধ্যাদেশ (২০২০), এই নতুন আইনৰ অধীনত ১০ বছৰ কাৰাবাস আৰু ৫০ হেজাৰ টকা জৰিমনা দিব লগা হ’ব পাৰে ।

বিগত মাহত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ঘোষণা কৰিছিল, ‘কোনো ব্যক্তিয়ে যদি ধৰ্ম পৰিৱৰ্তনৰ পৰিকল্পনা বা ‘লাভ জিহাদ’ৰ দৰে কাৰ্য কৰিব বিচাৰে, তেওঁলোকক ধ্বংস কৰা হ’ব ।’মধ্যপ্ৰদেশৰ দৰেই বিজেপি শাসিত আন এক ৰাজ্য উত্তৰ প্ৰদেশতো পাছ কৰা হৈছে এই আইন । এই আইনক লৈ সমগ্ৰ দেশতে বিতৰ্কৰো সৃষ্টি হৈছে । ইয়াৰ মাজতেই মধ্যপ্ৰদেশত প্ৰথমবাৰৰ বাবে ন্যায়ালয়ত উত্থাপন হ’ল এই আইন সন্দৰ্ভত গোচৰ ।

Exit mobile version