২৬ হেজাৰ বৰ্গ কিলোমিটাৰৰ চহৰত নাথাকে কোনো পথ

1124976 92844750

এটাও পথ নাথাকিব, ফলত নচলিব কোনাে গাড়ী। তৎসত্ত্বেও নির্বিঘ্নে বসবাস কৰিব কমেও ১০ লাখ লােকে পথত গাড়ী নথকাৰ বাবে স্বাভাৱিকতেই কোনাে প্ৰদূষণৰ সমস্যাও নাথাকিব। এনে এখন অভিনৱ চহৰ নিৰ্মাণৰ বাবে প্রস্তুতি লৈছে ছৌদি আৰবে। দেশখনৰ যুৱৰাজ মহম্মদ বিন ছলমানৰ এই ঘােষণাৰ পাছতে এই সম্ভাৱ চহৰক কেন্দ্ৰ কৰি সমগ্র বিশ্বতে কৌতূহলৰ সৃষ্টি হৈছে। প্রায় ২৬ হেজাৰ পাঁচশ বর্গ কিলােমিটাৰ অঞ্চল জুৰি এই চহৰখন নির্মাণ কৰা হ’ব, য’ত বসবাস কৰিব কমেও ১০ লাখ লােকে।

উল্লেখ্য যে ২০১৭তে ছৌদি চৰকাৰে ‘নিয়ােম’ প্রকল্প ঘােষণা কৰিছিল। এই প্রকল্পৰ অধীনতে নতুন চহৰখন নির্মাণ কৰাৰ কথা ঘােষণা কৰিছিল। অৱশ্যে নানা জটিলতাৰ বাবে সেই প্রকল্পই ইমানদিনে দিনৰ পােহৰ দেখা পােৱা নাছিল। অৱশ্যে ছৌদি চৰকাৰে নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ উদ্যোগ লৈছে। যুৱৰাজ ছলমানে ঘােষণা কৰিছে যে ‘নিয়ােম’ প্রকল্প অধীনত ছৌদিৰ উত্তৰ-পশ্চিমৰ লােহিত সাগৰৰ উপকূলবর্তী অঞ্চলত এই ভৱিষ্যতৰ চহৰখন গঢ়ি উঠিব।

তেওঁ কয়, “চহৰত নাথাকিব কোনাে যান-বাহন,কোনাে পথ আৰু কোনাে কার্বন নির্গমন। অর্থাৎ, গঢ়ি তােলা হ’ব এখন প্রাকৃতিক পৰিৱেশেৰে ভৰপূৰ প্ৰদূষণহীন চহৰ। এই নির্মাণ হ’বলগীয়া চহৰখনৰ নাম ৰখা হৈছে ‘দ্য লাইন। এই সন্দৰ্ভত যুৱৰাজে কয়, “গতানুগতিক চহৰৰ ধাৰণাটো সলনি কৰি আমি ভৱিষ্যতৰ কথা চিন্তা কৰা উচিত।’এই ভৱিষ্যতৰ চিন্তা কৰিয়েই প্ৰদূষণমুক্ত চহৰ গঢ়ি তােলাৰ উদ্যোগ লােৱা হৈছে। আগন্তুক মাৰ্চৰ পৰাই নির্মাণ কার্য আৰম্ভ হ’ব বুলি ছৌদিৰ যুৱৰাজে জনাইছে।

অৱশ্যে কোনাে গাড়ী নচলিলে বিশাল চহৰখনত মানুহে কেনেদৰে যাত্রায়ত কৰিব, সেই বিষয়টো ছৌদি চৰকাৰে এতিয়াই স্পষ্ট কৰা নাই। অৱশ্যে জনােৱা হৈছে যে চহৰৰ এটা প্ৰান্তৰ পৰা আনটো প্রান্তলৈ যােৱাৰ বাবে ২০ মিনিটৰ অধিক সময় নালাগিব। এই চহৰত কৃত্রিম বুদ্ধিমত্তা (আর্টিফিচিয়েল ইন্টেলিজেন্স)ৰ ব্যৱহাৰে অত্যন্ত গুরুত্বপূর্ণ ভূমিকা ল’ব বুলিও কোৱা হৈছে। নিয়ােম’ প্ৰকল্পৰ এটা বিবৃতিত কোৱা হৈছে,‘এই চহৰত এশ শতাংশ প্ৰদূষণমুক্ত বিদ্যুৎ উৎপাদন হ’ব, যি চহৰবাসীক এক স্বাস্থ্যকৰ পৰিৱেশ উপহাৰ দিব।

Exit mobile version