অসম জাতীয় পৰিষদৰ সংবাদ মেল

eastmojo 2020 12 42daa482 8c0f 49f3 99ad dce5067fa0ab Tiwa Autonomous Council Election 2020 5

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে সংবাদ মেলত সংগঠনৰ সাংগঠনিক কাৰ্যৰ বিষয়ে উল্লেখ কৰে । সভাপতি গগৈয়ে কয়, ‘অসম জাতীয় পৰিষদে সাংগঠনিক কাম-কাজৰ বাবে অসমৰ প্ৰতিটো প্ৰান্তত প্ৰতিখন জিলাৰ বুথ পৰ্যায় অতিক্ৰম কৰি প্ৰতিটো পৰিয়াল সমন্বয়কৰ স’তে সম্প্ৰসাৰিত কৰাৰ কাৰণে পৰিকল্পনা প্ৰস্তুত কৰিছে । ইয়াৰ নিখুঁত ৰণকৌশল ইতিমধ্যে প্ৰস্তুত হৈছে । আমাৰ অসমত মুঠ ২৭,৯,৯২ টা বুথ কেন্দ্ৰ বা বুথ কমিটি কৰাৰ পৰিকল্পনা আছিল । ইতিমধ্যে চাৰি হেজাৰ ছশ বুথ গঠন হৈছে । বাকী থকা ২৩,৯,৯২ টা বুথ আমি একেদিনাই গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো ।’

বুথ গঠন কাৰ্যৰ বিষয়ে গগৈয়ে কয়, ‘বুথ গঠনৰ বাবে সমষ্টিসমূহক আমি তত্বাৱধায়কৰ দায়িত্ব দিছো । প্ৰতিটো সমষ্টিত কোনসকল ব্যক্তিক অন্তৰ্ভুক্ত কৰি বুথ গঠন কৰা হ’ব ইতিমধ্যে তাৰ সম্পূৰ্ণ ৰণকৌশল প্ৰস্তুত কৰা হৈছে । আমি ইতিমধ্যে সমষ্টিৰ তত্বাৱধায়ক, আহ্বায়ক, সমন্বয়ক, মুখ্য আহ্বায়ক সকলোকে দায়িত্ব অৰ্পণ কৰিছো৷’

তেওঁ লগতে কয়, ‘তেওঁলোকক সকলো প্ৰান্তত ইয়াৰ কাম-কাজ সম্প্ৰসাৰণ কৰিবৰ বাবে দায়িত্ব অৰ্পণ কৰিছো৷ বুথ গঠনৰ এসপ্তাহৰ পাছতে পৰিয়াল সমন্বয়কৰ দায়িত্ব পালন কৰিম ।’

Exit mobile version