আজি কাৰ্বি আংলং আৰক্ষীয়ে জিলাখনৰ বোকাজান মহকুমাৰ অন্তৰ্গত ডিলাইত এক অভিযান চলাই এটা চোৰাং গঁড়ৰ খৰ্গ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।এই সন্দৰ্ভত আৰক্ষী সূত্ৰে লাভ কৰা তথ্য অনুসৰি, আজি বিয়লি প্ৰায় দুই বজাত এক গোপন সূত্ৰৰ পম খেদি বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস, কাৰ্বি আংলং জিলা আৰক্ষীৰ উপ অধীক্ষক নাহিদ কৰিশ্মা, বৰপথাৰৰ চক্ৰ বিষয়া ভূপেন কলিতা, ডিলাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজু বাহাদুৰ ছেত্ৰী আৰু নাইজাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এলেকাটোত অভিযান চলাই।
উল্লেখ্য যে আৰক্ষীৰ দলটোৱে ৩৯০ গ্ৰাম ওজনৰ এটা গঁড়ৰ খড়্গ উদ্ধাৰ কৰাৰ লগতে খড়্গটো সৰবৰাহ কৰাৰ অভিযোগত এজনক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আটক কৰা যুৱকজন নগাঁও জিলাৰ জুৰীয়া থানাৰ অন্তৰ্গত তিনচুকীয়া গাঁৱৰ আৰিফ জাকাৰিয়া (২৭) বুলি চিনাক্ত কৰা হৈছে।আৰক্ষীৰ প্ৰাথমিক তদন্তত খৰ্গটো ডিমাপুৰত বিক্ৰীৰ বাবে আনি থকা হৈছিল বুলি মহকুমা আৰক্ষী বিষয়া জন দাসে জানিবলৈ দিয়ে।