প্রাচীন বিনিময় প্রথাৰে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব ইতিহাস প্রসিদ্ধ জোনবিল মেলা

jonbeel mela 5

বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে মৰিগাঁও জিলাত আৰম্ভ হ’ব জোনবিল মেলা ।১৬শ শতিকাৰ তিৱা ৰাজ্য গােভাৰ ঐতিহ্য পৰম্পৰাৰে সমৃদ্ধ এই জোনবিল মেলা খনি কালিলৈ পুৱা ৬ বজাত গােভা দেওৰজা চাৰি ভাই দেওশাল শিৱথানত মাংগলিক পর্বৰে আৰম্ভ হ’ব ।পুৱা ন বজাত জোনবিল মেলাস্থলিত পতাকা উত্তোলন কৰিব গােভা ৰাজ্যৰ ৰজা দীপসিং দেওৰজাই।

এই স্থানতেই বন্তি প্ৰজ্বলন কৰিব জোনবিল মেলা আয়ােজক সমিতিৰ সভাপতি সােনেশ্বৰ দলৈয়ো।দিনৰ ভাগত গােভা ৰজাই প্রাচীনতম বিল জোনবিলৰ পাৰত বহি ভােজভাত খাব । এই ভােজভাত পর্বত অংশ গ্ৰহণ কৰিব গােভা ৰাজ্যৰ পাটনিয়া ৰজা ভদ্রসিং দেওৰাজাই। ইপিনে বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হ’ব লগা এই প্রাচীন মেলাখনৰ বাবে ইতিমধ্যে পাহাৰৰ পৰা আগমন ঘটিছে বহুসংখ্যক পাহাৰীয়া অঞ্চলৰ লােক ৷

আধুনিক মুদ্রা প্রচলনে লুপ্ত কৰি পেলােৱা ১৪ শতিকাৰ বিনিময় প্রথা পুনৰ বাৰ জিলিকি উঠিব গােভা ৰাজ্যৰ এই জোনবিল মেলাত । পাহাৰীয়া লােকসকলে এই মেলালৈ আহি নিজে পাহাৰত উৎপাদন কৰা কচু,আলু,আদা,হালধি,জালুক,কোমােৰা, গন্ধক আৰু শুকানমাছ আদি সামগ্ৰীৰে ভৈয়ামৰ লােকসকলৰ উৎপাদিত লাৰু,পিঠা,সান্দহ, পিঠাগুড়ি আদি বিনিময় কৰে।শুক্রবাৰৰ পুৱতি নিশা এই বিনিময় প্রথা পর্বত অংশ লৈ শনিবাৰে পাহাৰীয়া এই লােকসকলে পুনৰ ঘৰমুৱা হৈ পাহাৰত বিহু উৎসৱ উদযাপন কৰিব ।

এইয়া জোনবিলৰ ঐতিহ্য আৰু পৰম্পৰা ।এই পৰম্পৰা অনুসৰি পুনৰ জোনবিল মেলাত উজলি উঠিব প্রতীকী ৰূপত প্রাচীন তিৱা ৰাজ্যৰ গােভাৰ ৰাজকীয় পৰম্পৰা আৰু ঐতিহ্যা জোনবিল মেলাত বহিব গােভা ৰাজ্যৰ ৰাজদৰবাৰা ১৮জন তিৱা ৰাজ্যৰ ৰজাৰ লগতে গােভাৰজা।দীপসিং দেওৰজাই এই ৰাজদৰবাত অংশ লােৱাৰ উপৰিও এই দৰবাৰতেই ৰজাই তুলিব কৰ। এই ৰাজ দৰবাৰত তিৱা ৰজা সকলৰ লগতে প্রাচীন গােভা ৰাজ্যৰ ৰাজ বিষয়া সকলেও অংশ ল’ব।

গােভা ৰাজ বিষয়া তথা জোনবিল মেলা আয়ােজক সমিতিৰ সম্পাদক জোৰসিং বৰদলৈয়ে জানিবলৈ দিয়া মতে, ২২জানুৱাৰীৰ দুপৰীয়া ভাগত অনুষ্ঠিত গােভাৰাজ্যৰ ৰাজ-দৰবাৰৰ অনুষ্ঠানত মূখ্য অতিথি হ’ব অসমৰ মূখ্যমন্ত্রী সর্বানন্দ সােণােৱালা বিশিষ্ট অতিথি হিচাপে অংশ ল’ব ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীযূষ হাজৰিকাই৷অনুষ্ঠানত সন্মানীয় অতিথি তথা উদ্ধোধনী ভাষণ প্রদান কৰিব বিধায়ক ৰমাকান্ত দেউৰীয়ে এই অনুষ্ঠানত আদৰণি ভাষণ প্রদান কৰিব তিৱা স্বায়ত্ব পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্র কোৱঁৰে।

অনুষ্ঠানত সন্মানীয় অতিথি হ’ব তিৱা পৰিষদৰ উপ কাৰ্যবাহী সদস্য তুলসী বৰদলৈয়ো অনুষ্ঠানত আমন্ত্রিত অতিথি হিচাপে অংশ গ্রহণ কৰিব জিলা উপায়ুক্ত লীনা দাস, আৰক্ষী অধীক্ষক তথা বিশিষ্ট কবি ড০ নন্দ সিং বৰকলা, বিশিষ্ট সমাজকর্মী নাৰায়ণ ৰাডু কাকতি আৰু তিৱা স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য বিনীতা দৈমাৰীয়ে এই অনুষ্ঠানতে মূখ্যমন্ত্ৰীয়ে মধ্য অসমৰ ১৮জন তিৱা ৰজাক ৰাজভাট্টা প্রদান কৰিব।

জোনবিল মেলাত বিনিময় প্রথা পর্ব মুকলি কৰিব মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে লগতে এই মেলাত কে’বাগৰাকী গৱেষক পর্যটকে অংশ লব বুলিও জানিবলৈ দিয়ে সম্পাদক বৰদলৈয়ে ।আনহাতে প্রাচীনতম এই মেলাখন সফল ভাৱে উদযাপন কৰিবলৈ মেলা আয়ােজক সমিতিয়ে সকলাে প্ৰকাৰৰ প্ৰস্তুতি সম্পূর্ণ কৰি তুলিছে৷ কৰ’না মহামাৰীৰ বাবে বানিজ্য মেলাখন এইবাৰ অনুষ্ঠিত নহব যদিও প্রতিবছৰৰ দৰে এইবাৰ মেলাখনত গােভা ৰাজ্যৰ তিৱা লােককৃষ্টি প্রদর্শনৰ লগতে গােভা ৰাজ্যৰ অস্ত্র-সস্ত্র সম্পদ আদিও জোন বিল মেলাত প্রদর্শিত হ’ব৷

Exit mobile version