বলিউদৰ গ্ৰীক গড হৃতিকৰ যাত্ৰা

eer5

বলিউদৰ গ্ৰীক গড হৃতিকৰ যাত্ৰা আঠ শতিকাত আৰম্ভ হৈছিল। তেওঁক প্ৰথমে অমিতাভ বচ্চনৰ স’তে স্ক্ৰীণত দেখা গৈছিল। তেওঁ সেই চিনেমাখনত শিশু শিল্পী হিচাপে অভিনয় কৰিছিল।তেওঁ বলীউডৰ প্ৰথম চিনেমাখনত ডেবিউ নায়ক হিচাপে সফল্য অৰ্জন কৰিছিল । প্ৰথম ছবিখন আছিল ‘কহ’না প্যাৰ হে’। তেওঁৰ স’তে চিনেমাখনত অভিনেত্ৰী আছিল আমিচা পেটেল ।

ছবিখনে বক্স অফিচত ইমান সফল হৈছিল যে, এই চিনেমাখনৰ পাছত, তেওঁ ৩০ হেজাৰ প্রেমৰ প্ৰস্তাৱ লাভ কৰে! কিন্তু আপুনি জানেনে যে পৰিচালকে চিনেমাখনত কৰিনা কাপুৰক  লোৱাৰ কথা চিন্তা কৰিছিল। কৰিনাই চিনেমাখনৰ স্ক্ৰিপ্ট ভাল পোৱা নাছিল। তেওঁ অনুভৱ কৰা নাছিল যে তেওঁৰ নাকচ কৰা চিনেমাখনে বক্স অফিচৰ ৰেকৰ্ড ভংগ কৰিব।

একে বছৰতেই অভিষেক বচ্চনৰ স’তে কৰিনাৰ ছবি ‘ৰিফিউজি’য়ে মুক্তি লাভ কৰিছিল ।২০০৪ ত, ২০০৮ত ‘ চামেলি ‘ আৰু ‘ ওমকাৰা’ দুয়োখন ছবিয়েই কৰীণাক চৰ্চালৈ লৈ আনিছিল। ইতিমধ্যে তেওঁ ‘ফিজা’, ‘ কভি খুছী কভি গম’ ছবি কেইখন কৰিছিল কিন্তু তেওঁ মুখ্য ভূমিকাত নাছিল।

আনহাতে হৃতিক এজন জনপ্ৰিয় অভিনেতা হৈ পৰিছিল। তেওঁ কে’বাটাও বঁটাও লাভ কৰিছিল। ফিল্মফেয়াৰ বঁটাও লাভ কৰিছিল । তেওঁ উপাৰ্জন আৰু জনপ্ৰিয়তাৰ ওপৰত আধাৰিত কৰি ফৰবছ আলোচনীত বহুবাৰ প্ৰতিনিৱিত হৈছে।কহ’না প্যাৰ হে আছিল আমিচাৰ প্ৰথম ছবি। অধ্যয়নৰ ওপৰত গুৰুত্ব দিয়া আমিশাই তাইৰ কেৰিয়াৰ  ইমান সোনকালে আৰম্ভ কৰিব বিচৰা নাছিল।তেতিয়া তেওঁ স্নাতক ডিগ্ৰী লৈছিল।

ৰাকেশ ৰোশনৰ সৈতে তেওঁৰ পাৰিবাৰিক সম্পৰ্ক আছিল। পূৰ্বে, অমিশাৰ পৰিয়ালবৰ্গই প্ৰস্তাৱটো নাকচ কৰিছিল।কিন্তু পাৰিবাৰিক সম্পৰ্কৰ বাবে যেতিয়া একেটা প্ৰস্তাৱ পুনৰ দ্বিতীয়বাৰৰ বাবে আহিছিল, আমিশাই ইয়াক ঘূৰাই দিব নোৱাৰিলে। ছবিখন কৰিবৰ বাবে সন্মত হয়।অৱশ্যে, কেইখনমান চিনেমাৰ পাছত দৰ্শকসকলে আমিশাক ভাল পাইছিল, কিন্তু তেওঁৰ কেৰিয়াৰ চলচ্চিত্ৰ জগতত অধিক আগনাবাঢ়িল।

Exit mobile version