বাইডেনৰ পোহনীয়া কুকুৰেও অংশ লব ৰাষ্ট্ৰপতিৰ শপতগ্ৰহণত

jb 1610970482443 1610970491694

সম্প্রতি এটি খবৰে আমেৰিকাত বিশেষ চর্চা লাভ কৰিছে। মার্কিন সংবাদ মাধ্যমত প্রকাশ পােৱা বাতৰি অনুসৰি নৱনির্বাচিত উপ-ৰাষ্ট্রপতি কমলা হেৰিছৰ স্বামী ডগলাছ এমফক আমেৰিকাৰ ‘ছেকেণ্ড জেন্টেলমেন’ হিচাপে স্বীকৃতি প্রদান কৰা হৈছে। ডগলাছক দেশখনৰ ‘ছেকেণ্ড জেন্টেলমেন’ স্বীকৃতিৰে টুইটাৰে এটা বিশেষ একাউন্টও তৈয়াৰ কৰি দিছে।

একে সময়তে মার্কিন সংবাদ মাধ্যমত প্রকাশ পােৱা আন এটি বাতৰিয়ে বিশ্বজুৰি চর্চা লাভ কৰিছে। বাতৰি অনুসৰি নৱনির্বাচিত ৰাষ্ট্রপতি জ’বাইডেনৰ পােহনীয়া কুকুৰ ‘মেজৰ বাইডেন’ আমেৰিকাৰ ‘ফার্স্ট ডগ ইলেক্ট’ হিচাপে পৰিচিত হৈছে। অহা ২০ জানুৱাৰীত শপতগ্ৰহণৰ পাছত বাইডেন আমেৰিকাৰ ‘ফার্ট মেন’ আৰু তেওঁৰ পত্নী জিল বাইডেন ‘ফার্স্ট লেডী’ হিচাপে পৰিচিত হ’ব।

ৰাষ্ট্ৰপতিৰ পােষ্য সাৰমেয় হিচাপে মেজৰে আমেৰিকাৰ ‘ফার্স্ট ডগ’ৰ খিতাপ লাভ কৰিব। প্রকাশিত বাতৰি অনুসৰি বাইডেনৰ শপতগ্ৰহণৰ দিনাই মেজৰক এই সন্মান প্রদান কৰা হ’ব আৰু গৰাকীৰ শপতগ্রহণত উপস্থিত থাকিব এই কুকুৰটোৱে। এক ভাচুৱেল অনুষ্ঠানৰ জৰিয়তে গায়ক জছ গ্র’বানে মেজৰক ‘ফাষ্ট ডগ’ৰ স্বীকৃতি প্রদান কৰিব।

উল্লেখ্য যে ২০১৮ত মেজৰ নামৰ জার্মান ছেফার্ড প্রজাতিৰ এই কুকুৰটো বাইডেনৰ পত্নী জিলে ক্ৰয় কৰিছিল আৰু পাছত তেওঁ উপহাৰ হিচাপে স্বামীক অর্পণ কৰিছিল।কেৱল মেজৰে নহয়, বাইডেন দম্পতীৰ চেম্প নামৰ আন এটি জার্মান ছেফার্ড কুকুৰ আছে। চেম্পে অৱশ্যে পূর্বেও হােৱাইট হাউছত ভৰি দিছিল যদিও মেজৰে এয়ে প্রথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ বাসগৃহত প্রৱেশ কৰিব।

Exit mobile version