শালবাৰীৰ আওহাটা হৰি মন্দিৰত ধৰ্মসভা উপলক্ষে ভাগৱত শোভাযাত্ৰা

da4009f5 8edd 4107 8b10 a0aef7f0d474

বাক্সাৰ শালবাৰীৰ আওহাটা হৰি মন্দিৰত বছৰেকীয়া ধৰ্ম সভা উপলক্ষে মঙ্লবাৰে সমুহীয়াকৈ ভাগৱত শোভাযাত্ৰা উলিওৱা হয় ৷ ভাগৱত শোভাযাত্ৰাত অসমীয়া সমাজৰ লগতে নেপালী,আদিবাসী,বড়ো সমাজেও ভাগ লৈ নাম কীৰ্তন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে ৷ধৰ্মসভা উপলক্ষে ৰাতিপুৱা পতাকা উত্তোলন, ছহিদ তৰ্পন,ভাগৱত পাঠ আদি কাৰ্যসূচী অনুষ্ঠিত হৈ যায় ৷

ভাগৱত পাঠ কৰে মানিকপুৰ সত্ৰৰ জ্যোতিষ ডেকাই৷ আবেলি মুকলি সভা,সন্ধিয়া নাগাৰা নাম আদি অনুষ্ঠিত হয় ৷মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিজেপিৰ মুখপাত্ৰ মনোজ বৰুৱা৷ লগতে সভাত বিশিষ্ট সমাজকৰ্মী আওহাটা নিবাসী খগেন কলিতা,মনোৰঞ্জন তালুকদাৰ,কৃষ্ণ নাথ,ধৰণী মেধি,কন্দৰ্প নাথ,জয়ন্ত দাসকে ধৰি উপস্থিত থাকে বিভিন্নজন।

Exit mobile version