শালবাৰীৰ কামাৰদৈছা লক্ষ্মীবজাৰত ইউপিপিএলৰ বিশাল কৰ্মীসভাত ৰৌনগৌৰা নাৰ্জাৰী, বি আৰ ফেৰেংগা

1f06a988 3df2 4ea9 aa83 80bc67e5f94e

“বিগত ১৭টা বছৰ ধৰি হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিপিএফৰ দুৰ্নীতি, অপশাসন , অত্যাচাৰৰ পৰিৱৰ্তন ৰাইজেই বিচাৰিছিল আৰু ৰাইজে বিচৰা ধৰণে বিটিচিত পৰিৱৰ্তনৰ চিহ্ন হিচাপে প্ৰমোদ বড়োৰ নেতৃত্বত এখন চৰকাৰ গঠন হৈছে। প্ৰমোদ বড়োৰ নেতৃত্বত সন্মিলিতভাৱে চৰকাৰ গঠনৰ লগে লগে বিটিচিত আৰম্ভ হৈছে প্ৰকৃত নীতি-নিয়ম তথা ন্যায় প্ৰতিষ্ঠাৰ কাৰ্যক্ষম৷ বৰ্তমানৰ সন্মিলিত চৰকাৰখনে সকলো জাতি-জনগোষ্ঠীক ন্যায় দানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। কিন্তু বিটিচিত বৰ্তমানৰ চৰকাৰখনে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে৷

কাৰণ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিপিএফে ১৭ বছৰে এৰি যোৱা জাৱৰবোৰ চাফ- চিকুন কৰিব লাগিব। তিনি হেজাৰ কোটি টকা ঋণৰ বোজা বিপিএফ চৰকাৰে এৰি গৈছে৷” এইদৰে কয় ইউ পি পি এলৰ কাৰ্যকৰী সভাপতি ৰৌনগৌৰা নাৰ্জাৰীয়ে আজি শালবাৰীৰ কামাৰদৈছা (লক্ষ্মীবজাৰ) ত অনুষ্ঠিত এখন বিশাল কৰ্মীসভাত মুখ্য অতিথিৰ ভাষণত।ইউ পি পি এলৰ মুছলপুৰ জিলা সমিতিৰ সভাপতি কাতিৰাম বড়োৰ সভাপতিত্বত অনুষ্ঠিত শালবাৰী আৰু মুছলপুৰ জিলা ভিত্তিক কৰ্মীসভাত ৰৌনগৌৰা নাৰ্জাৰীয়ে তেওঁৰ ভাষণত কয় যে, আগন্তুক বিধানসভা নিৰ্বাচনত দখলত থকা ১২ টা বিধানসভা সমষ্টিতেই বিপিএফ বিধ্বস্ত হ’ব৷

ইয়াৰ পৰিৱৰ্তে বিটিচিত সন্মিলিতভাৱে চৰকাৰ গঠন কৰা দলক ৰাইজে আদৰি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ কৰ্মীসভাত বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী ওৰফে বি আৰ ফেৰেংগাই বিশিষ্ট অতিথিৰ ভাষণত কয়, “প্ৰমোদ বড়োৰ নেতৃত্বত বিটিচিত ৰাইজে বিচৰা ধৰণে সকলো জাতি – জনগোষ্ঠীৰ ৰাইজৰ অধিকাৰৰ বাবে ন্যায়ৰ বাবে কাম- কাজ আৰম্ভ কৰিছে। ইতিমধ্যে ভূমিৰ অধিকাৰকে ধৰি সকলোবোৰ অধিকাৰ ৰাইজে পুনৰ ঘূৰাই পাব৷ বিৰোধীয়ে যিমানেই অপপ্ৰচাৰ কৰিলেও প্ৰমোদ বড়োৰ নেতৃত্বত গঠিত চৰকাৰখনে যে সকলো জাতি- জনগোষ্ঠীক ন্যায় আৰু অধিকাৰ দিব সেয়া নিশ্চিত৷

ৰাইজে নিৰ্ভয়ে থাকক৷”ইফালে কৰ্মীসভাত নিৰ্দিষ্ট বক্তাৰূপে দলীয় সাংগঠনিক দিশৰ ওপৰত বক্তব্য প্ৰদান কৰে ইউ পি পি এলৰ মহিলা কোষৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদিকা বিউটি বসুমতাৰীয়ে। পাঁ‌চ সহস্ৰাধিক দলীয় কৰ্মীৰ উপস্থিতিত ইউ পি পি এলৰ শালবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক বিনোদ মুছাহাৰী আৰু মুছলপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক দয়াল শৰণীয়াই আঁ‌ত ধৰা কৰ্মীসভাখনত প্ৰাক্তন এম চি এল এ অনিপ বসুমতাৰী, ইউ পি পি এলৰ কেন্দ্ৰীয় নেতা ক্ৰমে দীপক কুমাৰ বসুমতাৰী , দ্বিজেন দাস, সুৰেশ সৰকাৰ , মইনুল আলি , ধীৰাজ ডেকা , প্ৰদীপ সৰকাৰ , হাপনা চোৰেন, লেক্তাক বুঢ়াগাই , সত্যজিৎ বড়ো, মণ্টু বড়োকে ধৰি অৰ্ধশতাধিক নেতা- নেত্ৰী অতিথি হিচাপে উপস্থিত থাকে৷উল্লেখ্য যে আজিৰ প্ৰায় পাঁ‌চ ঘণ্টা ধৰি অনুষ্ঠিত কৰ্মীসভাত কেন্দ্ৰীয় নেতৃবৃন্দই জিলা, ব্লক, প্ৰাথমিক , বুথ কমিটিৰ বিষয়ববীয়াসকলক তথা উপস্থিত কৰ্মীসকলক আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ইউ পি পি এলৰ দলীয় স্থিতি অধিক সবলীকৰণৰ বাবে বিভিন্ন নীতি নিৰ্দেশনা দিয়ে৷

Exit mobile version