চিৰাঙৰ বিজনীৰ দুই নং দৈলংঝাৰত বন্যহস্তীৰ উপদ্ৰৱ

WhatsApp Image 2021 01 21 at 6.34.30 PM

চিৰাঙত বন্যহস্তীৰ তাণ্ডৱ। বুধবাৰে নিশা মানাহৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে দুই নং দৈলংঝাৰ গাওঁৰ বিধৱা মহিলা দয়মন্তী বৰ্মন, ৰঞ্জিত ভৰালী, নিৰেন বৰ্মনৰ ঘৰ দূৱাৰ ভাঙি লণ্ড-ভণ্ড কৰে ।

লগতে ঘৰত থকা চাউল খাই বিনষ্ট কৰে বনৰীয়া হাতীয়ে। নিৰেন বৰ্মন বহি:ৰাজ্যত কৰ্মৰত। আজি তেওঁৰ পত্নীয়ে পাঁচ সন্তান লৈ থকাৰ ঠাই নাই। সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰৰ ওচৰত অনুৰোধ জনাই কয় যে মহিলাগৰাকিৰ থকাৰ বাবে অতি শীঘ্ৰে চৰকাৰে সুবিধা কৰি দিয়ে যেন ।

বনৰীয়া হাতীয়ে এক নং দৈলংঝাৰ গাঁৱৰ প্ৰভাত বৰ্মনৰ ১০০ৰো অধিক তামোল বাগান ভাঙি ক্ষতি কৰে । বিজনী বিষ্ণুপুৰ অঞ্চলত প্ৰায়েই বন্যহস্তীৰ তাণ্ডৱ চলে।

হাতীৰ উপদ্ৰৱৰ কথা বিষ্ণুপুৰ বন বিভাগত অৱগত কৰাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ।

Exit mobile version