ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ কাৰখানাত জুই

serumfire 660 210121044637

আজি পুনেৰ ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াত নিৰ্মাণ কাৰ্য চলি থকা এটা কাৰখানাত জুই লাগে ।

ইয়াৰ ফলত অক্সফ’ৰ্ড বিশ্ববিদ্যালয় আৰু ব্ৰিটিছ-ছুইডিছ ফাৰ্মা ফাৰ্ম এষ্ট্ৰাযেনেকাৰ সৈতে অংশীদাৰীত্বত এছ.আই.আই.-ত বিকশিত ক’ভিশ্বিল্ডৰ উৎপাদনত প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে।

তথ্য অনুসৰি, জুই নিৰ্বাপিত কৰাৰ বাবে ব্যাপক প্ৰচেষ্টা অব্যাহত আছে।

ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া, যি নিজকে “বিশ্বৰ সৰ্ববৃহৎ ভেকছিন নিৰ্মাতা” হিচাপে গৌৰৱ কৰে, ই পুনেত ১০০ একৰৰো অধিক অঞ্চলজুৰি বিস্তৃত হৈ আছে।

সূত্ৰ অনুসৰি, জুই লগা মঞ্জৰী কমপ্লেক্স প্ৰতিষেধক উৎপাদন কৰা স্থানৰ পৰা কেইমিনিটমান আঁতৰত অৱস্থিত । ইয়াক এক বিশেষ অৰ্থনৈতিক ক্ষেত্ৰৰ অংশ বুলি বিবেচনা কৰা হয়।

এছ.আই.-ৰ নিৰ্মাণ ক্ষমতা বৃদ্ধি কৰাৰ লক্ষ্যৰে ভৱিষ্যতে অতিমাৰীৰ স’তে যুদ্ধ কৰিবলৈ মঞ্জৰী কমপ্লেক্সত প্ৰায় আঠ-নটা অট্টালিকা নিৰ্মাণ কৰা হৈছে । ভিজুৱেলবোৰত অট্টালিকাৰ পৰা ওলোৱা ধোঁৱাৰ বিশাল পম দেখা যায় ।

অট্টালিকাৰ ভিতৰত চাৰিজন লোক আছিল । সম্প্ৰতি তিনিজনক উদ্ধাৰ কৰা হৈছে যদিও বৃহৎ ধোঁৱাৰ ফলত জুই নিয়ন্ত্ৰণত অনাত বাধাৰ সৃষ্টি হৈছে ।

জুই কেনেদৰে লাগিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অৱশ্যে, ইয়াক সেই স্থানত নিৰ্মাণ কৰা বিশাল অট্টালিকাৰ সৈতে সংযোজিত কৰা হ’ব পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছেৰাম ইনষ্টিটিউট কৰ’না প্ৰতিষেধকৰ উৎপাদন কাৰ্য পৰিদৰ্শৰ বাবে যায় ।

Exit mobile version