মেষ : দুই ধৰণৰ চিন্তাই আপােনাৰ কৰ্মত আহুকালৰ সৃষ্টি কৰিব। শৰীৰৰ প্রতি নজৰ ৰাখক। প্রিয় লােকৰ কোনাে কথাত সন্তুষ্ট নহ’ব। পিছে অপেক্ষা কৰা কোনাে সংবাদত সুখ। শুভ ৰং বেঙুনীয়া।
বৃষ : কর্মৰ ওপৰত বিশ্বাস থাকিব। কোনাে কাৰণে বিৰক্ত ভাব আহিব পাৰে।আর্থিক আমদানিৰ লগতে খৰচৰ পথাে মুক্ত থাকিব। সন্তানৰ ভালেই।সন্তান সম্ভৱাৰ কন্যা সন্তান লাভৰ যােগ। শুভ ৰং নীলা।
মিথুন : উন্নত পৰিৱেশক সিয়ে ক্ষতি নকৰিব। প্রেম প্রীতিত মধ্যম আবেগ বৃদ্ধি। খৰচ বাঢ়িব। দৰকাৰী কামৰ বাবে কোনােৱে কৰা চেষ্টাত সফল হ’ব। শুভ ৰং আকাশী নীলা।
কর্কট : ক্ষীপ্ত পৰিৱেশ আৰম্ভণিৰ সম্ভাৱনা হলেও প্রকট নহ’ব। শৰীৰৰ প্ৰতি যত্ন লােৱাটো দংকাৰ বিদ্যার্থীৰ মধ্যম। বন্ধু-বান্ধৱৰ পৰা উৎসাহ। কিন্তু তেওঁলােকৰ ওপৰত নিৰ্ভৰ নকৰাই ভাল। শুভ ৰং বগা।
সিংহ :ধৈর্যৰে প্রতিকূল বিষয়াদি নিয়ন্ত্ৰণৰ চেষ্টা কৰক। বিদ্যালাভত বাধা কম। ভ্রমণাদিত কষ্ট হলেও শুভ। পিতৃৰ কথাত নিৰুৎসাহ। শৰীৰ বৰ ভালেৰে যােৱা টান। নতুন সংবাদত আনন্দ। শুভ ৰং ক্রীম।
কন্যা : আনৰ কথাত অসন্তুষ্টি প্রকাশ। শাৰীৰিকত বিশেষ দুৰ্ভাৱনা নাই। আত্মীয়ৰ সংগ লাভ। বিদ্যাত বেয়া নহ’ব। শুভ ৰং কলা।
তুলা :সদায় স্বাৱলম্বিতা আপুনি পছন্দ কৰিব, কিন্তু সময়ে তাক উৎসাহিত নকৰিব। বাধ্য হৈ আনৰ সহানুভূতিৰ কথা বিবেচনা কৰিব লাগিব। আর্থিক চিন্তিত। খৰচৰ মাত্রা বৃদ্ধি। ব্যস্ততা। শুভ ৰং কমলা।
বৃশ্চিক :কেতু মংগল, শুক্র, ৰবি যাৰ জীৱনত শুভ তেওঁৰ দিনটোত বেছি আহুকাল নাই। কিন্তু সামগ্রিক দৃষ্টিত আহুকাল সামান্য হলেও থাকিব।শৰীৰ মধ্যম। বিদ্যাত মধ্যম। শুভ ৰং নীলা।
ধনু :দৰিদ্ৰ নাৰায়ণৰ প্ৰতি চিন্তা থাকিলেও কিছু সন্দেহ মনত লাগি থাকিব। দাম্পত্য, সন্তান আদিৰ লগত মধ্যম প্ৰভাৱ। অর্থ লাভ। স্বার্থৰ বাহিৰত থকালৈ আপােনাৰ অহৈতুক অবিশ্বাস হ’ব। শুভ ৰং হালধীয়া।
মকৰ :মধ্যম হলেও সাৱধানেৰে দিনটো পাৰ কৰক। খৰচ পাতিৰ লগত কোনােৰ বাবে মনত দুখ বা অযথা কর্মত সময় অপব্যয় হ’ব। বিদ্যাত জটিলতা নাপায়। কর্মাদিও অযথা মন্থৰতা। শুভ ৰং ৰঙা।
কুম্ভ :ইচ্ছাকৃত কথাত কিবা বাধা পাব শৰীৰৰ অথন্তৰাে দেখা যায়। ব্যৱসায় বাণিজ্যত বেয়া দেখা নাযায়। শুভ ৰং সেউজীয়া।
মীন :খং-ৰাগ বৃদ্ধি পাব পাৰে। শৰীৰৰ উত্তাপ হ’লেও ভয়ৰ বিশেষ নাই। অৱশ্যে প্রাপ্য ধন পােৱাৰ সম্ভাৱনা থাকিব। শুভ ৰং বেঙুনীয়া।