পাহাৰ-ভৈয়ামৰ সম্প্ৰিতি উৎসৱ গোভা ৰাজ্যৰ জোনবিল মেলা আৰম্ভ

IMG 20210121 WA0037

প্ৰাচীন গৌৰৱময় ইতিহাস প্ৰসিদ্ধ গোভা ৰাজ্যৰ জোনবিল মেলা আজিৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিগাঁও জিলা জোনবিলৰ পাৰত আৰম্ভ হয়। ১৬শ শতিকাৰ তিৱা ৰাজ্য গোভাৰ ঐতিহ্য পৰম্পৰাৰে সমৃদ্ধ এই জোনবিল মেলাখনি আজি পুৱা ছয় বজাত গোভা দেওৰজা চাৰি ভাই দেওশাল শিৱথানত মাংগলিক পৰ্বৰে আৰম্ভ কৰা হয় । এই আৰম্ভণি অনুষ্ঠানৰ পাছতে গাভৰুআমত বন্তি প্ৰজ্বলন কৰা হয়।

পুৱা ন বজাত জোনবিল মেলাস্থলিত পতাকা উত্তোলন কৰে গোভা ৰাজ্যৰ ৰজা দীপসিং দেওৰজাই । এই স্থানতেই বন্তি প্ৰজ্বলন কৰে জোনবিল মেলা আয়োজক সমিতিৰ সভাপতি সোনেশ্বৰ দলৈয়ে । আজি দিনৰ ভাগত গোভা ৰজাই ৰাজবিষয়া সকলৰ স’তে প্ৰাচীনতম বিল জোনবিলৰ পাৰত বহি ভোজভাত খায় । এই ভোজভাত পৰ্বত গোভা ৰাজ্যৰ পাটনিয়া ৰজা ভদ্ৰসিং দেওৰাজাই অংশ গ্ৰহণ কৰে।

ইপিনে আজিৰে পৰা অনুষ্ঠিত হোৱা এই প্ৰাচীন মেলাখনৰ বাবে ইতিমধ্যে পাহাৰৰ পৰা আগমন ঘটিছে বহুসংখ্যক পাহাৰীয়া অঞ্চলৰ লোকৰ ।

মেঘালয়, কাৰ্বি আংলঙৰ লংপ, মৰঙা, উমদেন, উমতাই, উমডোঙা, উমচিয়াং, উমজাৰী, উমদেংখুলাই, মাজৰ,মায়ং, চুমিদাং, লুমফৈ,আমদাং, আমদঙা, লেমেৰা,খাৰখুজি, আমবাট, মাৰ্জং,বালিখুজি, দাপমাছাল, নুনফৈ আদি পাহাৰীয়া অঞ্চলৰ পৰা ঐতিহাসিক জোনবিল মেলালৈ অহা জনজাতীয় মামা-মামী সকলৰ লগত বিয়লি চাৰি বজাত গোভাৰজাৰ কথোপকথনেৰে প্ৰথম দিনাৰ কাৰ্যসূচী সামৰণি পৰে।

পাহাৰ ভৈয়ামৰ সম্প্ৰিতি চানেকিৰে মিলনভূমিত পৰিণত হোৱা জোনবিল মেলাত আজি উজ্বলিছে প্ৰাচীন তিৱা ৰাজ্যৰ গোভা বৰ্ণিল সংস্কৃতি । তিৱা বৰতৰ গীত মাতেৰে মুখৰিত হৈ উঠা জোনবিল মেলাৰ আজি প্ৰথম দিনা গোভা ৰাজ্যখনৰ ৰজাদিনীয়া ৰাজ সম্পদসমূহ প্ৰদৰ্শিত হয়। কৰ’না মহামাৰীৰে ত্ৰাসৰ সৃষ্টি কৰা সময়তো আজি জোনবিল মেলাত জাতি জনগোষ্ঠীৰ লোকেৰে জোনবিল মেলা ক্ষেত্ৰ পৰিপূৰ্ণ হয়।

Exit mobile version