বকোত নিষিদ্ধ কফচিৰাপৰ ১০টা কাৰ্টুন জব্দ

WhatsApp Image 2021 01 21 at 6.33.11 PM

ৰাজ্যখনৰ লগতে বকো আৰু ছয়গাঁও সমষ্টি দুটাৰ বিশেষভাৱে চৰাঞ্চলসমূহত প্ৰতিদিনে বৃদ্ধি পাই‌ আহিছে বেআইনী‌, অপৰাধজনিত ঘটনা আৰু কাৰ্যকলাপ। ইয়াৰ মাজতে আজি কামৰূপ জিলাৰ বকো আৰক্ষীৰ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে সফল অভিযান।

গোপন সূত্ৰৰ খৱৰৰ ভিত্তিত বকো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সনজিৎ কুমাৰ ৰায় আৰু সোণতলী আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই ব্ৰহ্মপুত্ৰ নদীৰ পাৰঘাটত অভিযান চলাই নিষিদ্ধ এখন এফ কফচিৰাপৰ ১০টা কাৰ্টুন জব্দ কৰিবলৈ সক্ষম হয়।

 

নিষিদ্ধ কফচিৰাপখিনিৰ মূল্য প্ৰায় এক লাখ টকা হ’ব বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে । এই অভিযানত বকো মহচৰা গাৱঁৰ আমিদুল আলাম নামৰ এজন যুৱকক আটক কৰি বকো আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে।

জব্দাকৃত কফচিৰাপখিনি বহৰীৰ হৰিপুৰৰ শ্বাহজাহান আলীৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰে নাৱেৰে‌ লৈ অনা হৈছিল বুলিও আৰক্ষীয়ে প্ৰকাশ কৰিছে ।

Exit mobile version