বাগসাৰ বাৰাপেটাত মানাহৰ বন্যহস্তীৰ আক্ৰমণত নিহত পিতৃ, আহত পুত্ৰ

WhatsApp Image 2021 01 21 at 6.09.05 PM 1

হাতী-মানুহৰ সংঘাতে তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে বাগসাৰ শালবাৰীৰ বাৰাপেটাত ৷ প্ৰতি নিশাই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ জাকে বিভিন্ন প্ৰান্তত সৃষ্টি কৰিছে তাণ্ডৱৰ । বহু লোকৰ বাসগৃহ ভাঙিছে, বিঘাই বিঘাই ৰবি শস্যৰ খেতি খাই তহিলং কৰিছে ৷

এইফালে যোৱা নিশা বন্যহস্তীৰ আক্ৰমণত মানাহ সমীপৱৰ্তী বাৰাপেটাত থিতাতে নিহত হয় জয়দেৱ দাস নামৰ এগৰাকী ৫০ৰ উৰ্দ্ধৰ ব্যক্তিৰ ৷ লগতে বন্যহস্তীৰ আক্ৰমণত আহত হয় জয়দেৱ দাসৰ বিশেষভাৱে সক্ষম পুত্ৰ হিতেশ দাস ৷ হিতেশ দাসক স্থানীয় ৰাইজে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷

উল্লেখ্য যে নিশাই বন বিভাগ আৰু লাৱদাংগুৰি আৰক্ষীক বাৰম্বাৰ খবৰ দিয়াৰ পাছতো কোনো সঁহাৰি নোপোৱাৰ অভিযোগ উত্থাপন কৰে গাঁৱবাসীয়ে ৷ পুৱাৰ ভাগতো মৃতদেহটো উদ্ধাৰ কৰিবলৈ প্ৰশাসনৰ কোনো লোক উপস্থিত নোহোৱাত স্বাভাৱিকতে ক্ষুব্ধ হৈ পৰে গাঁৱবাসী ৷ তাৰ পাছতে “বন বিভাগ হায় হায়”  “বাগসা আৰক্ষী হায় হায়” “আমাক ন্যায় লাগিবই” “বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰক” আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে গাঁৱবাসীয়ে ।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত মানাহৰ বাঁহবাৰী ৰেঞ্জৰ বনকৰ্মী, কাহিতামা বীটৰ বনকৰ্মী আৰু লাৱদাংগুৰি আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । লগতে বন্যহস্তীৰ আক্ৰমণত নিহত জয়দেৱ দাসৰ পৰিয়াল আৰু ক্ষতিগ্ৰস্ত পৰিয়ালক পাঁচ হেজাৰকৈ আৰ্থিক সাহাৰ্য্য আগবঢ়োৱা হয় ৷

উল্লেখ্য যে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ বৃহৎ জাকটোৱে অঞ্চলটোৰ বিভিন্ন ঠাইত ঘৰ-দুৱাৰ ভঙাৰ উপৰিও বহু পৰিয়ালৰ বিস্তৰ ক্ষতিসাধন কৰে ৷ ইফালে বন্যহস্তীৰ উপদ্ৰৱৰ বাতৰি সংবাদ মাধ্যমত ধাৰাবাহিকভাৱে প্ৰচাৰ হোৱাৰ পাছতো বনবিভাগ তথা বাগসা জিলা প্ৰশাসন নিদ্ৰামগ্ন অৱস্থাত বুলি অভিযোগ কৰিছে বিভিন্ন দল সংগঠনে ৷

এইক্ষেত্ৰত আমছুৰ বাগসা জিলা সমিতিৰ সভাপতি ছাইফুল ইছলাম খান আৰু এবিএমছুৰ শালবাৰী জিলা সমিতিৰ সভাপতি স্বাইজুদ্দিন খণ্ডকাৰে বন্যহস্তীৰ আক্ৰমণত নিহতৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ আদায় দিবলৈ চৰকাৰ তথা বনবিভাগক দাবী উত্থাপন কৰে । লগতে নৱগঠিত বিটিআৰৰ বনবিভাগৰ দায়িত্বত থকা বনমন্ত্ৰী বি আৰ ফেৰেংগা ওৰফে ৰঞ্জিত বসুমতাৰীক নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনায় সংগঠন দুটাই৷

Exit mobile version