বিটিআৰৰ পৰা উগ্ৰপন্থী সমস্যাৰ স্থায়ী সমাধান হৈ গ’লঃ প্ৰমোদ বড়ো

WhatsApp Image 2021 01 21 at 7.32.37 PM

বিটিআৰৰ পৰা বড়ো-অবড়োৰ পৰিৱেশ আজি নাইকিয়া হৈ গ’ল ৷ সকলোৱে মিলি এখন সুন্দৰ সমাজ গঢ়িবলৈ আগবাঢ়ি আহিছে ৷ গতিকে আমি একেলগে উন্নয়নৰ কাম কৰিব লাগে ৷ বিটিআৰৰ অফিচ কছাৰী ঠিকমতে চলিব লাগে ৷ অফিচাৰ বিলাকে ভাল কাম কৰিব লাগে আৰু উন্নয়ন আনিব লাগে ৷ উগ্ৰপন্থী সমস্যাৰ স্থায়ীভাৱে সমাধান  হৈ গ’ল ৷ ৩০-৪০ বছৰ ধৰি উগ্ৰপন্থী সমস্যা যিহেতু আছিল ইয়াত এটা সংস্কৃতি গঢ় লৈ উঠিছিল, যাৰ নাম অস্ত্ৰ সংস্কৃতি ৷ গতিকে ইয়াত বৰ্তমানো বহু অবৈধ অস্ত্ৰ মজুত থাকিব পাৰে ৷ আমাৰ কাম হ’ব বেআইনীভাৱে যিবোৰ অস্ত্ৰ জমা আছে সেইবোৰ মুক্ত কৰি এক স্থায়ী শান্তি প্ৰতিষ্ঠা কৰিব লাগে ৷ এই মন্তব্য বিটিআৰ প্ৰমুখ প্ৰমোদ বড়োৰ ৷

বাগসাৰ শালবাৰীৰ জালাহত এক সম্বৰ্দ্ধনা অনুষ্ঠানত উপস্থিত থাকি প্ৰমোদ বড়োৱে জালাহত পূৰ্বে থকা বড়ো-অবড়োৰ সংঘাত মিত্ৰজোঁট চৰকাৰ গঠন হোৱাৰ পাছতে দূৰ হৈছে বুলি জানিবলৈ দিয়ে ৷

সম্বৰ্দ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰমোদ বড়োৱে চৰকাৰী কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলক সঁকিয়নি দি কয় যে, সময়মতে চৰকাৰী কাৰ্যালয়ত উপস্থিত নহ’লে বিষয়া কৰ্মচাৰীয়ে চাকৰি এৰি যাব লাগিব ৷

Exit mobile version