বোকাজান আৰক্ষীৰ জালত পিষ্টল সহ দুই যুৱক

WhatsApp Image 2021 01 21 at 12.53.49 PM

▪️বোকাজানৰ খটখটী আৰক্ষী থানাৰ অন্তৰ্গত অসম নাগালেণ্ড সীমান্তৰ লাহৰিজান অঞ্চলত আৰক্ষীয়ে আটক কৰে দুই যুৱকক ।

▪️বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত এক গোপন সূত্ৰৰ পম খেদি আটক কৰে দুই ধৃত যুৱকক ।

▪️যুৱক দুজনৰ পৰা এটা 7.65 পিষ্টল দুই জাই সজীৱ গুলি আৰু এটা মেগজিন উদ্ধাৰ কৰে আৰক্ষীয়ে ।

▪️ধৃত দুই যুৱক ক্ৰমে ডিমাপুৰৰ ৰোহন প্ৰধান আৰু লাকি প্ৰধান ।

▪️আৰক্ষীৰ তদন্তত পিষ্টলটো বিক্ৰীৰ উদ্দেশ্যে লৈ অহা হৈছিল বুলি জানিব পৰা গৈছে ।

Exit mobile version