২১বিঘা মাটিত সৰিয়হ ২০ বিঘা মাটিত ধনীয়া খেতিৰে দশৰথ বৰ্মনৰ সেউজ বিপ্লৱৰ সূচনা

chamata1

নলবাৰী জিলাৰ পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বানে ধােৱা বৰপিতৰ দশৰথ বর্মন নামৰ যুৱক জনে একক প্রচেষ্টাৰে সেউজ বিপ্লৱৰ সূচনা কৰিছে । বছৰ বছৰ বানপানীৰ কবলত পৰা বৰপীতৰ কৃষক সকলে প্রতি বছৰে ধানখেতি কৰে যদিও বানে সকলাে ধুই কৃষকৰ ওপৰত মাধমাৰ সােধায় আহিছে।

পশ্চিম নলবাৰীৰ তিনিটা নদী বুঢ়াদিয়া নদী, মৰাপাগলদিয়া নদী,কানাৰখাৰ নিৰ্ভৰযােগ্য আৰু বাৰিষাৰ নদীৰ বাঢ়নীপানীক ধৰি ৰখাৰ ক্ষমতা মথাউৰিৰ নথকাৰ বাবেই কৃষকে গাঠিৰ ধন খৰছ কৰি কৰা বিবিধ ধনখেতি নদীৰ বাঢ়নী পানীত জাহ যায়।

বিগত পাঁচ-ছয় বছৰৰ পৰা প্রতিবছৰে বানৰ সংহাৰী ৰূপৰ বাবে এক প্রকাৰ কৃষকৰ ৰাজহাড় ভাঙি যােৱাৰ দৰে হৈছে। ৰাজ্যৰ শাসনাধীন চৰকাৰৰ কৃষি বিভাগৰ যােৱা এইকেইবছৰত কৃষকৰ প্রতি কোনাে ধৰনৰ আশাব্যঞ্জক সহাৰিৰ পৰা বঞ্চিত হব লগাটোও ধর্মপুৰ সমষ্টিৰ বাবে এক চৰম প্রৰতাৰনা বুলিও কৃষকে দাবী কৰিছে।

বানপানী, চৰকাৰী প্ৰতাৰনা, সমষ্টিৰ বিধায়ক -মন্ত্ৰীৰ গুৰুত্বৰ অভাৱত কৃষকে অৱশেষত নিজৰ সমস্যা সমাধানৰ বাবে ধানখেতিৰ বিপৰিতে সৰিয়হ, ধনীয়া, কবি আদি খেতিৰে নিজৰ নিজৰ পৰিয়ালৰ দায়িত্ব ল’ব লগা হৈছে। শেহতীয়াকৈ পশ্চিম নলবাৰীৰ বৰপিতৰ শিক্ষিত যুৱক দশৰথ বৰ্মনে নিজাকৈয়ে ২১বিঘা মাটিত সৰিয়হ, ২০ বিঘা মাটিত ধনীয়াৰ খেতি কৰি একক সংগ্রামেৰে সেউজ বিপ্লৱৰ সূচনা কৰিছে।

উল্লেখযোগ্য যে নলবাৰী কৃষি বিভাগে দুই কেজি সৰিয়হৰ বীজ যােগান ধৰিয়ে বিভাগৰ দায়িত্ব সামৰিছে।আনহাতে KVKৰ পৰা দহকেজি সাৰ আৰু দহকেজি ধনীয়াৰ বীজ যােগান ধৰিছিল। উন্নতমানৰ ধনীয়া-সৰিয়হৰ বীজৰ খেতি কৰি দশৰথ বৰ্মনে খেতিডৰাত সময়ে সময়ে পানী ,উপযুক্তকৈ সাৰ প্ৰয়ােগৰে খেতিডৰাৰ জড়িতে লাভৰ মুখ দেখাৰ আশা কৰিছে।

Exit mobile version