গৃহমন্ত্ৰীৰ একাউণ্ট বন্ধ কৰাৰ অধিকাৰ কোনে দিলে ?

113048713 gettyimages 1128061406

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ টুইটাৰ একাউণ্ট যোৱা নৱেম্বৰত সাময়িকভাৱে বন্ধ কৰাৰ বাবে প্ৰশ্নৰ সন্মুখীন হ’ল টুইটাৰ কৰ্তৃপক্ষ । বিগত বৰ্ষত হঠাতে গৃহমন্ত্ৰী শ্বাহৰ একাউণ্ট বন্ধ কৰি দিয়ে টুইটাৰে । তেওঁৰ মূল ছবিখনো আঁতৰাই দিয়া হয় । পৰৱৰ্তী সময়ত পুনৰ সাধাৰণ হৈ পৰে একাউণ্টটো । কিন্তু বিতৰ্কৰ পৰা হাত সৰা নাই কৰ্তৃপক্ষই ।

কালি এই সন্দৰ্ভত সংসদীয় কমিটিৰ সন্মুখত জেৰা কৰা হ’ল সংস্থাৰ অধিকাৰীসকলক । তেওঁলোকে প্ৰশ্ন কৰে যে, গৃহমন্ত্ৰীৰ একাউণ্ট ব্লক কৰাৰ অধিকাৰ কোনে দিলে ? শ্বাহৰ টুইটাৰ একাউণ্ট ব্লক কৰা অনিচ্ছাকৃত ভুল আছিল বুলি জানিবলৈ দিয়ে টুইটাৰে ।

প্ৰৰোচনামূলক প’ষ্ট ৰোধ কৰিবলৈ সম্প্ৰতি টুইটাৰে বহু পদক্ষেপ গ্ৰহণ কৰিছে । সেয়ে কেপিটেল এটেকত প্ৰৰোচনা যোগোৱাৰ অভিযোগত ড’নাল্ড ট্ৰাম্পৰ একাউণ্টো সাময়িকভাৱে ব্লক কৰি দিয়ে তেওঁলোকে । তেওঁলোকৰ এই সাহসী পদক্ষেপৰ বাবে যিদৰে প্ৰশংসাৰ সন্মুখীন হৈছিল, ঠিক সেইদৰে তীব্ৰ সমালোচনাৰো সন্মুখীন হ’বলগীয়া হৈছিল । নাগৰিকৰ নিৰাপত্তা, সামাজিক মাধ্যমৰ অপব্যৱহাৰ আৰু ভাৰ্চুৱেল জগতত মহিলাৰ নিৰাপত্তা সংক্ৰান্ত বহু ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জনায় টুইটাৰে ।

যোৱা নৱেম্বৰত গৃহমন্ত্ৰী শ্বাহৰ টুইটাৰ একাউণ্ট ব্লক কৰাক লৈ কালি সংসদীয় কমিটিৰ সন্মুখত প্ৰস্তুত কৰা হয় দুটা বিশাল সামাজিক মাধ্যম টুইটাৰ আৰু ফেচবুক কৰ্তৃপক্ষক । যাৱতীয় নীতি-নিয়ম প’ষ্ট কৰি জনাবলৈ দিয়া হয় । তাতেই শ্বাহৰ একাউণ্ট ব্লক কৰাৰ প্ৰসংগ উত্থাপন হয় ।

সূত্ৰ অনুসৰি, সংসদীয় কমিটিত থকা বিজেপিৰ সদস্যসকলৰ দ্বাৰাই প্ৰশ্নৰ সন্মুখীন হৈছিল টুইটাৰ কৰ্তৃপক্ষ । এই সন্দৰ্ভত টুইটাৰ কৰ্তৃপক্ষই জনায় যে, ‘শ্বাহৰ একাউণ্ট ব্লক কৰা বিষয়টো একেবাৰে ‘অনিচ্ছাকৃত ভুল’ । সেই সময়ত ‘ডিচপ্লে পিকচাৰ’ অৰ্থাৎ প্ৰ’ফাইলৰ মূল ছবিখনটো কপিৰাইট সংক্ৰান্ত অভিযোগ উত্থাপন হৈছিল । সেয়ে ছবিটোও আঁতৰাই দিয়া হৈছিল ।

টুইটাৰত সত্যাসত্য নিৰুপন কৰাক লৈও প্ৰশ্ন উত্থাপন কৰিছিল সংসদীয় সদস্যসকলে । এই সন্দৰ্ভত সংস্থাৰ কৰ্তৃপক্ষই কয় যে, ভাৰ্চুৱেল জগতত সকলোৰে বাবে অনুকূল পৰিৱেশ গঢ়ি তুলিবৰ বিচাৰিছে তেওঁলোকে । কিন্তু তেওঁলোকৰ এই উত্তৰত সন্তুষ্ট নহয় সংসদীয় কমিটিৰ সদস্যসকল ।

সত্যাসত্যক লৈ পক্ষপাতিত্ব কৰা হৈছে বুলিও অভিযোগ উত্থাপন কৰে তেওঁলোকে । ধাৰা ৩৭০ প্ৰত্যাহাৰ কৰাৰ পাছতো মানচিত্ৰত ‘লে’ক কিয় জম্মু-কাশ্মীৰৰ অংশ হিচাপে দৰ্শোৱা হৈছে বুলি প্ৰশ্ন কৰা হয় টুইটাৰ কৰ্তৃপক্ষক । তথ্য আৰু প্ৰযুক্তি সংক্ৰান্ত সংসদীয় ষ্টেণ্ডিং কমিটিয়েও পৃথককৈ ফেচবুক আৰু টুইটাৰ কৰ্তৃপক্ষৰ স’তে আলোচনাত মিলিত হয় ।

Exit mobile version