জাপানৰ প্ৰধানমন্ত্ৰীয়ে নিবিচাৰে টকিঅ’ অলিম্পিক বাতিল হোৱা

2017 06 09 tokyo2020 thumbnail

টকিঅ’ত অলিম্পিক আয়োজন কৰাৰ পৰিকল্পনা কৰিলেও বাতিল হোৱাৰ সম্ভাৱনা আছে । কিন্তু জাপানৰ প্ৰধানমন্ত্ৰী য়’শিহিদে ছোগাই অলিম্পিক আয়োজন কৰা হ’ব বুলি দাবী কৰে ।

ADVERTISEMENT

এক সংবাদ মাধ্যমৰ দাবী অনুসৰি, ২০২১ত নহয় ২০২৩ত টকিঅ’ত অলিম্পিক অনুষ্ঠিত কৰিব পাৰে । অলিম্পিক আয়োজন কৰ্তাসকলৰ তৰফৰ পৰা এতিয়ালৈকে মত প্ৰকাশ কৰা নাই । বিগত সময়চোৱাত জাপানত পাঁচ হেজাৰ ৪৪৭ জন লোক কৰ’নাত আক্ৰান্ত হৈছে । ক’ভিড আক্ৰান্ত হৈ ১৬ হেজাৰ ৫৭৮ জন লোকে প্ৰাণ হেৰুৱাইছে। সেয়ে খেলুৱৈসকলৰ সুৰক্ষাৰ্থে অলিম্পিক আয়োজন কৰিবলৈ সন্মত নহয় জাপান ।

প্ৰধানমন্ত্ৰী ছোগাই কয়, ‘মই দৃঢ় প্ৰতিজ্ঞ, অলিম্পিকে প্ৰমাণ কৰি দিব যে মানুহে কৰ’না ভাইৰাছক পৰাজিত কৰিব পাৰে ।’ আন্তৰ্জাতিক অলিম্পিক কমিটি (আইঅ’চি)ৰ মুৰব্বী থমাছ বাকে কয়, ‘২৩ জুলাইৰ পৰা অলিম্পিক আৰম্ভ নোহোৱাৰ কোনো কাৰণ দেখা নাযায় । টকিঅ’ৰ অলিম্পিক ষ্টেডিয়ামত আৰম্ভ হ’ব খেল । অন্য পৰিকল্পনা নাই ।’

আইপিএল হওক বা থাইলেণ্ড অপেন কোনো খেলেই ক’ভিডৰ বাবে বাতিল হোৱা নাই । সেয়ে অলিম্পিক আৰম্ভ হ’লে সংক্ৰমণ বৃদ্ধি পাব বুলি মত প্ৰকাশ কৰিব পৰা নাযায় ।

Exit mobile version