নিশা কিছুদিনৰ বাবে ঘণ্টাজুৰি ইউপিআই লেনদেনত অসুবিধাৰ সন্মুখীন হ’ব পাৰে ডিজিটেল পেমেণ্ট প্লেটফৰ্ম ব্যৱহাৰকাৰীসকলে

upi kotak.com

নেচনেল পেমেণ্ট কৰপ’ৰেছন অৱ ইণ্ডিয়া (এনপিচিআই)এ জনায় যে, অনলাইন গুগলপে, পেটিএম, ভিম বা ফোনপেৰ মাধ্যমত টকাৰ লেনদেন কৰা সকলে অনাগত কিছুদিন নিশা এক বজাৰ পৰা তিনি বজালৈকে অসুবিধাৰ সন্মুখীন হ’ব পাৰে । কাৰণ, ডিজিটেল পেমেণ্ট প্লেটফৰ্মে ‘ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেছ’ (ইউপিআই) সৰলিকৰণ কৰিছে ।

ইউপিআইৰ পুনৰ্বিন্যাসৰ বাবে কিমানদিনৰ প্ৰয়োজন হ’ব সেয়া অৱশ্যে প্ৰকাশ কৰা নাই এনচিপিআই-য়ে । এনচিপিআই-য়ে জনায় যে, ‘আৰ্থিক লেনদেন অধিক উন্নত আৰু সুৰক্ষিত কৰিবৰ বাবে ইউপিআই সৰলিকৰণ কৰা হৈছে ।’

এনচিপিআইৰ ৱেবছাইটত প্ৰকাশ কৰা হৈছে যে, ইউপিআই নেটৱৰ্ক তথা তাৰ মাধ্যমেৰে আৰ্থিক লেনদেন কৰা সকলক চাইবাৰ হেকাৰসকলৰ পৰা পৰিত্ৰাণ দিবৰ বাবে প্ৰযুক্তিগত উন্নয়ন কৰিব লাগিব । সেয়ে সৰলিকৃত কৰা হৈছে ইউপিআই ।

একেই উদ্দেশ্যেৰেই তথ্য সুৰক্ষা নীতি (ডেটা ছিকিঅ’ৰিটি পলিচী)কো আন্তৰ্জাতিক মানৰ স’তে সংগতি ৰাখি আংশিকভাৱে সংশোধন কৰা হৈছে বুলি জনায় এনচিপিআইয়ে । এই নীতি ২০১৮ৰ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হৈছিল ।

এনচিবিআইৰ ৱেবছাইটত প্ৰকাশ কৰা হৈছে, সম্প্ৰতি দেশৰ ১৬৫ টা বেংকে আৰ্থিক লেনদেনৰ ক্ষেত্ৰত ইউপিআইৰ ‘ভিম’ এপ্ ব্যৱহাৰ কৰে । বিগত ডিচেম্বৰত ভাৰতত গুগলপেক পিছ পেলাই সৰ্বাধিক ব্যৱহৃত ইউপিআই এপৰ তালিকাত প্ৰথম স্থান দখল কৰিছে ফোনপে ।

Exit mobile version