পাঁচ লাখ ৬২ হেজাৰ ভাৰতীয়ৰ ফেচবুক তথ্য চুৰিৰ অভিযোগ কেমব্ৰিজ এনালিটিকাৰ বিৰুদ্ধে

delete facebook data

পাঁচ লাখ ৬২ হেজাৰ ভাৰতীয়ৰ ফেচবুক তথ্য চুৰিক লৈ কেমব্ৰিজ এনালিটিকা আৰু গ্ল’বেল ছাইন্স প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰে কেন্দ্ৰীয় অনুসন্ধান সংস্থা (চিবিআই)য়ে । ২০১৮ত অভিযোগ উত্থাপন হোৱাৰ পাছত এটা প্ৰাথমিক তদন্ত আৰম্ভ কৰিছিল চিবিআইয়ে । তাৰপাছতেই এই অভিযোগ দাখিল কৰা হয় ।

অভিযোগৰ ভিত্তিত পূৰ্বেই ফেচবুক আৰু কেমব্ৰিজ এনালিটিকাৰ পৰা উত্তৰ বিচাৰিছিল চিবিআইয়ে । তেওঁলোকৰ বিৰুদ্ধে অভিযোগ আছিল, ভাৰতীয় ব্যৱহাৰকাৰীসকলৰ তথ্য ফাদিল কৰা আৰু কেমব্ৰিজ এনালিটিকাৰ দ্বাৰা তথ্যৰ অপব্যৱহাৰ কৰি ভাৰতৰ নিৰ্বাচনক প্ৰভাৱিত কৰা ।

এই সন্দৰ্ভত ফেচবুকে জনায় যে, ‘৫.৬২ লাখ ভাৰতীয়ৰ ফেচবুকৰ তথ্য বেআইনীভাৱে ব্যৱহাৰ কৰি থাকিব পাৰে ।’ কেমব্ৰিজ এনালিটিকাই জনায় যে, তেওঁলোকে কেৱল ব্ৰিটেইনৰ ব্যৱহাৰকাৰীসকলৰ তথ্য পাইছে গ্ল’বেল ছাইন্স প্ৰাইভেট লিমিটেডৰ তৰফৰ পৰা ।

চিবিআইৰ অভিযোগ অনুসৰি, গ্ল’বেল ছাইন্স প্ৰাইভেট লিমিটেডে এটা এপ্ নিৰ্মাণ কৰিছে সেইটোৰ নাম ‘দিছ ইজ য়’ৰ ডিজিটেল লাইফ’ । ফেচবুকৰ নিজস্ব নীতি অনুসৰি, এই এপ্ ব্যৱহাৰকাৰীসকলৰ কিছু নিৰ্দিষ্ট তথ্য সংগ্ৰহ কৰিব পাৰে । কিন্তু এই এপটোৱে বেআইনীভাৱে ব্যৱহাৰকাৰীৰ তথ্য সংগ্ৰহ কৰিছে ।

ফেচবুকে জনায় যে, ভাৰতত ৩৩৫ জনে এই এপটো ব্যৱহাৰ কৰিছে, কিন্তু সেই এপ্লিকেচনৰ মাধ্যমত ব্যৱহাৰকাৰীৰ ফ্ৰেণ্ডলিষ্টত থকা লোকসকলৰ ফেচবুকৰ তথ্যও চুৰি হোৱাৰ অভিযোগ উত্থাপন হৈছে । সেয়ে চুৰি কাৰ্যৰ ভুক্তভোগী ব্যৱহাৰকাৰীৰ সংখ্যা হৈছে প্ৰায় পাঁচ লাখ ৬২ হেজাৰ । চিবিআইয়ে জনায় যে, তেওঁলোকৰ তাত ছজন ব্যৱহাৰকাৰীৰ তথ্য আছে । তেওঁলোকে জনাইছে এই এপ্লিকেচনৰ মাধ্যমত তেওঁলোকৰ বন্ধুৰ তালিকাত থকা ব্যৱহাৰকাৰীসকলৰ তথ্যও চুৰি কৰা হৈছে ।

অভিযোগ অনুসৰি, সকলো তথ্য সংগ্ৰহ কৰি ব্যৱসায়িক স্বাৰ্থত কেমব্ৰিজ এনালিটিকাক দিছে গ্ল’বেল ছাইন্স প্ৰাইভেট লিমিটেডে । সেয়ে অপৰাধমূলক ষড়যন্ত্ৰ আৰু তথ্য প্ৰযুক্তি আইনত অভিযোগ দাখিল কৰা হৈছে ।

Exit mobile version