বকো আৰক্ষীৰ সফল অভিযান

Screenshot 187

বৃহত্তৰ বকো সমষ্টি আৰু ছয়গাঁও সমষ্টিত নাকাবন্দিৰ পাছত আৰক্ষীৰ সফলতা । ৪৮ ঘণ্টা পাৰ হোৱাৰ পূৰ্বেই আৰক্ষীৰ জিন্মাৰ পৰা পলাতক গভাইত চোৰ হাকিমুদ্দিন আলীক গ্ৰেপ্তাৰ । বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীত কুমাৰ ৰায়, জামবাৰী পহৰা চকীৰ আৰক্ষী বিষয়া অতুল পাচনিৰ নেতৃত্বত গ্ৰেপ্তাৰ । খেদি খেদি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চোৰ হাকিমুদ্দিনক।

আৰক্ষীৰ জিন্মাৰ পৰা দাঁতেৰে হেণ্ডকাপ ছিঙি পলাতক হৈ আছিল চোৰ হাকিমুদ্দিন আলী। আজি পুৱতি নিশা নিজ গৃহত আহি থকা অৱস্থাত ১নং জামবাৰীত গ্ৰেপ্তাৰ। বৰ্তমান বকো আৰক্ষী থানাৰ লকআপত আলহী হাকিমুদ্দিন আলী।

বকো আৰক্ষী থানাৰ 1304/20 নম্বৰৰ বাইক চুৰি গোচৰত অভিযুক্ত চোৰ হাকিমুদ্দিন সহিতে সংগী চাৰিজনক ১৮ জানুৱাৰীত আৰক্ষীৰ জিন্মাত লৈছিল। লকআপৰ ভিতৰত পাঁচ চোৰৰ সংঘাত। বোলছৱিৰ কাহিনীৰ দৰেই লকআপৰ বাহিৰৰ বেঞ্চৰ পৰাই হেণ্ডকাপ ছিঙি পলায়ন কৰিছিল চোৰজনে।

চুৰি হোৱা AS 01 AY-2293 নম্বৰৰ বাইকখন উদ্ধাৰ মানকাচাৰত। ছয় ডিচেম্বৰৰ পৰা বকো আৰক্ষী থানাৰ অন্য এক গোচৰত ৰঙা ঘৰৰ আলহী হৈ আছিল হাকিমুদ্দিনসহ চাৰি দুধৰ্ষ চোৰ।

Exit mobile version