শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত আহি উপস্থিত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Modi 28

শিৱসাগৰৰ জেৰেঙা পথাৰৰ এখন জনসভাত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী । লগতে উপস্থিত থাকে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ,স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লগতে বিভিন্নজন ৰাজনৈতিক নেতা।গামোচা ,শৰাই আৰু বানবাটিৰে প্ৰধানমন্ত্ৰী গৰাকীক আদৰণি জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

এক লাখৰো অধিক ভূমিহীনক ভূমিপট্টা প্ৰদান কাৰ্যসূচী আৰম্ভ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।সভাৰ আৰম্ভনিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্মৰণ কৰে সতী জয়মতীৰ ত্যাগক।লগতে অসমীয়াতে ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাইজক ইংৰাজী নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ শুভেচ্ছা জনায়।

Exit mobile version