ছয় দিন ধৰি হাস্পতালত মালিকৰ বাবে অপেক্ষা কৰিছে এটা পোহনীয়া কুকুৰে

Dog Hospital

ছয় দিন ধৰি হাস্পতালত মালিকৰ বাবে অপেক্ষা কৰিছে এটা পোহনীয়া কুকুৰে। হাস্পতালৰ ভিতৰত মালিকৰ চলিছে চিকিৎসা আৰু কুকুৰটোৱে কেৱল অপেক্ষা কৰিছে মালিক সুস্থ হৈ অহালৈ ।

কুকুৰটোৰ চকুত আছে মাথোঁ চকুপানী ।ঘটনাটো হৈছে তুৰ্কীৰ।মালিকৰ প্ৰতি কুকুৰটোৰ মৰম দেখি আচৰিত হৈছে সকলো । তুৰ্কীৰ উত্তৰ-পূৱ চহৰ ট্ৰেবজোনত ৬৮ বছৰীয়া এগৰাকী ব্যক্তি মগজুৰ জটিল ৰোগত আক্ৰান্ত হৈ আৰু যোৱা ১৪ জানুৱাৰীত তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয় ।

এই কথা তেওঁৰ পোহনীয়া কুকুৰ বোনকে যেতিয়া গম পায় লগে লগে মালিকক লৈ যোৱা এম্বুলেন্সখনক অনুকৰণ কৰি পিছে পিছে হাস্পতাল পাইগৈ বোনক নামৰ পোহনীয়া কুকুৰটো লগতে মালিক সুস্থ নোহোৱা লৈকে বোনক ৰয় থাকিল হাস্পতালৰ সন্মুখত ।ছয় দিন ধৰি একো খোৱা নাছিল বোনকে লগতে অনৰাহে বোনকৰ চকুত আছিল চকু পানী।

Exit mobile version