মাত্র এগৰাকী চেলিব্রিটীকহে টুইটাৰত ফল’কৰে ৰাষ্ট্রপতি জ’ বাইডেনে

joe biden chrissy teigen

আমেৰিকাৰ নতুন ৰাষ্ট্রপতি হিচাপে কাৰ্যৰ্ভাৰ গ্ৰহণ কৰা জ’বাইডেনৰ অফিচিয়েল টুইটাৰ একাউন্ট সক্রিয় হ’ল। এই টুইটাৰ একাউণ্টত বাইডেনে শুকুৰবাৰে দুপৰীয়ালৈকে মুঠ ১৩ জন লােকক ফল’ কৰে। বাইডেনে মাইক্র’ ব্লগিং ছাইটটোত ফল’ কৰা ব্যক্তিকেইজনৰ মাজত তেওঁৰ পত্নী জিল বাইডেন, আমেৰিকাৰ উপ-ৰাষ্ট্রপতি কমলা হেৰিছ আৰু আনকেইজনমান বিশিষ্ট ব্যক্তি আছে।

বাইডেনে তেওঁৰ অফিচিয়েল টুইটাৰ একাউণ্টত মাত্ৰ এজন চেলিব্রিটীক ফল’ কৰিছে আৰু তেওঁ হৈছে জনপ্রিয় মডেল ক্রিছি টীগেন। টীগেনে নিজে ৰাষ্ট্রপতিক তেওঁক ফল’ কৰিবলৈ টুইটাৰত অনুৰােধ জনাইছিল আৰু বাইডেনে এই অনুৰােধ স্বীকাৰ কৰে। টুইটাৰত বাইডেনক উদ্দেশি টীগেনে এইদৰে অনুৰােধ জনাই কৈছিল, ‘হেল্প, জ’ বাইডেন, বিগত চাৰি বছৰ ধৰি ড’নাল্ড ট্রাম্পৰ চৰকাৰী টুইটাৰ একাউণ্টৰ হেণ্ডেলত মােক ব্লক কৰি ৰাখিছিল।

আপুনি মােক ফল’ কৰিব নে?’ উল্লেখ্য যে মডেল টীগেন টুইটাৰত যথেষ্ট সক্রিয়। পূর্বে প্রাক্তন ৰাষ্ট্রপতি ট্রাম্পৰ সন্দৰ্ভত এইগৰাকী মহিলাই টুইটাৰত বিতর্কিত মন্তব্য প্রকাশ কৰিছিল আৰু এই কাৰণত তেওঁক ট্রাম্প অফিচিয়েল টুইটাৰ হেণ্ডেলত ব্লক কৰি দিছিল। ৩৫ বছৰীয়া টীগেনে প্ৰকাশ কৰা মতে, তেওঁ বাইডেনৰ মতাদৰ্শৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত আৰু বাইডেনৰ নেতৃত্বত আমেৰিকাই নতুন আকাশ স্পর্শ কৰিব বুলি আশাবাদী।

Exit mobile version