গুৱাহাটী লতাশিলত ভয়ংকৰ পথ দুৰ্ঘটনা শনিবাৰে পুৱাই লতাশিল খেলপথাৰৰ চাৰিআলিত তিনিখন বাহনৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা। চিটিবাছ, ডি.আই আৰু অল’ট বাহনৰ মাজত সংঘটিত দুৰ্ঘটনাটো। জালুকবাৰী দিশৰ পৰা উজান বজাৰ দিশত গৈ থকা AS-01MC -1338 চিটিবাছত উজানবজাৰ দিশৰ পৰা যোৱা গৰু কঢ়িয়াই নিয়া AS-25DC-7402 ডি.আই গাড়ীখনে খুন্দা মাৰে।
ডি.আই খুন্দাত নিয়ন্ত্ৰণ হেৰুৱাই চিটবাছ খনে পদপথৰ ৰেলিং ভাঙি এখন ব্যৱসায়ী প্ৰতিষ্ঠানত খুন্দা মাৰে। ইফালে চিটিবাছৰ একে দিশত থকা AS-01BS-3041 নম্বৰ অল’ট বাহনখনে প্ৰচণ্ড যোৰত চিটিবাছত খুন্দা মাৰে। আৰক্ষীৰ ভাষ্য অনুসৰি দুৰ্ঘটনা সময়ত অল’ট আৰু ডি. আই বাহনত তিনিজনকৈ লোক আছিল।ডি.আই খনৰ দুজন সামান্য আঘাত প্ৰাপ্ত | শুভাগ্য ক্ৰমে ৰক্ষা পৰে দুৰ্ঘটনাত বেয়াকৈ ক্ষতিগ্ৰস্ত অল’ট বাহনৰ তিনি আৰোহি।
ডি.আই বাহনৰ ভুলৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱা বুলি লতাশিল থানা যান-বাহন আৰক্ষীয়ে জানিব দিয়ে । আনহাতে দুৰ্ঘটনা সংঘটিত কৰি ডি.আই চালকজন ঘটনাস্থলী পৰা পলায়ন কৰে।দুৰ্ঘটনা সংঘটিত হোৱা সময়ত চিটিবাছখনত ৪-৫ জন যাত্ৰী থকা বুলি জানিব দিয়ে বাছ কৰ্তৃপক্ষই। ইফালে দুৰ্ঘটনা সংঘটিত কৰা তিনিওখন বাহন জব্দ কৰিছে লতাশিল আৰক্ষীয়ে।