অসমত আকৌ হব বিজেপি চৰকাৰ, আকৌ হব সোণোৱাল চৰকাৰ:মঙ্গলছিং তিমুং

54b2bae5 2961 4a5f 949e e14d6b874a88 1

সমাগত বিধানসভা নিৰ্বাচন। নিৰ্বাচনক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যৰ লগতে কাৰ্বি আংলঙতো ক্ৰমাৎ বৃদ্ধি পোৱা দেখা গৈছে বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰতা। কি কংগ্ৰছ, কি বিজেপি সকলোৱে এতিয়া আঁচনি উদ্বোধন, সভা আয়োজন-যোগদান আদি কাৰ্যসূচীৰে ৰাজনৈতিক পথাৰত নামি পৰিছে নিৰ্বাচনী যুজঁ দিবলৈ। ঠিক তেনেই এক উদ্দেশ্যেৰে আজি পশ্চিম কাৰ্বি আংলং তথা কাৰ্বি পৰিষদৰ পৰিষদীয় হামৰেণ সমষ্টিৰ হাৰলং-ছেৱাততো বিজেপিয়ে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি যোগদানৰ অভিযানেৰে হামৰেণ বিজেপিয়ে নিজৰ শক্তি প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়।

উল্লেখযোগ্য যে সভাৰ মজিয়াতেই আঞ্চলিক দল এএছডিচি আৰু কংগ্ৰেছ দল ত্যাগ কৰি ইতিমধ্যে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰা ৪২ পৰিয়ালক প্ৰথমে উষ্ম আদৰণি জনোৱাৰ সমান্তৰালকৈ যোগদান কৰা পৰিয়ালসমূহক দলৰ হকে কাম কৰি যাবলৈ আহ্বান জনায় সভাত উপস্থিত থকা কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙে। লগতে উপস্থিত ৰাইজক সম্বোধন কৰি তিমুঙে কয় যে বিজেপি হৈছে দেশৰ অতিকৈ শক্তিশালী দল, গতিকে অসমত আকৌ হব বিজেপি চৰকাৰ, আকৌ হব সোণোৱাল চৰকাৰ।

গুৰুত্বপূৰ্ণ যে ১৫ বছৰত কংগ্ৰেছ চৰকাৰে কৰা কাম কেৱল ৫ বছৰৰ ভিতৰতে বিজেপি চৰকাৰে কৰি দেখুৱাইছে আৰু ৰাইজৰ সমস্যা সমাধান, উন্নয়ন-বিকাশ আদি এই চৰকাৰে সুচাৰুৰূপে কৰিছে বুলি দাবী কৰে মঙ্গলছিং তিমুঙে। কংগ্ৰেছৰ দিনত চৰকাৰে দিয়া প্ৰতিশ্ৰুতিসমূহৰ পৰা ৰাইজে বঞ্চিত হৈ আহিবলগীয়া হৈছিল কিন্তু বিজেপিৰ দিনত কথা মতেই কাম কৰি এই চৰকাৰে নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে তিমুঙে আৰু এনেবোৰ উদাহৰণ আৰু প্ৰাসংগিক কথাৰে তিমুঙৰ লগতে পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি ৰদীপ ৰংহাঙে তীব্ৰ সমালোচনা কৰে ৰাষ্ট্ৰীয় দল কংগ্ৰেছ আৰু আঞ্চলিক দল এএছডিচিক।

শেহতীয়াকৈ সমাগত বিধানসভা নিৰ্বাচনত বৈঠালাংছ সমষ্টিত বিজেপিৰ প্ৰাৰ্থীক ৰাইজৰ বহুমুলীয়া ভোট দান কৰি বিপুল ভোটেৰে জয়যুক্ত কৰিবলৈ আহ্বান জনায় মঙ্গলছিং তিমুঙে। অনুষ্ঠিত সভাত কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙৰ বিপৰীতে পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি ৰদীপ ৰংহাং, হামৰেণ নগৰ সমিতিৰ অধ্যক্ষ বীৰেনছিং তিচ্ছ, হামৰেণ মণ্ডল যুৱ মৰ্চাৰ সভাপতি মোহন ৰংফাৰ, গ্ৰাম্য উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংচ, হামৰেণ সমবায় সমিতিৰ অধ্যক্ষ জয়ছিং ইংতি, হামৰেণ বিজেপি মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী কাৱন ইংতিপি, সম্পাদিকা প্ৰিয়া ইংহিপি, বিজেপি নেতা লংছিং ৰংফাৰ, চৱীয় বে, মংগল বে, বিজেপি কিষণ মৰ্চাৰ সম্পাদক আৰচঙ ৰংহাং উপস্থিত থাকে।খেৰণিৰ পৰা কনক দেউৰী,

Exit mobile version