আমেৰিকাৰ সৰ্বাধিক মিথ্যাবাদী ৰাষ্ট্ৰপতি ট্ৰাম্প

45 donald trump

প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে হোৱাইট হাউচৰ পৰা বিদায় ল’লেও চেনেটত এতিয়াও ইমপিচমেণ্ট শুনানি বাকী আছে । ইয়াৰ মাজতেই পুনৰ অস্বস্তি বৃদ্ধি কৰিলে প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্পে । আমেৰিকাৰ ইতিহাসত সৰ্বাধিক মিথ্যাবাদী ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হ’ল ট্ৰাম্প । সূত্ৰ অনুসৰি, ২০১৭ৰ পৰা ২০২১ৰ লৈকে ট্ৰাম্পৰ শাসনকালত তেওঁ ৩০ হেজাৰ ৫৭৩ বাৰ ভুৱা দাবী কৰিছে বুলি জানিব পৰা গৈছে ।

সংবাদ সূত্ৰ অনুসৰি, ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পূৰ্বেও বিচক্ষণ হিচাপে সুখ্যাতি নাছিল ট্ৰাম্পৰ । নিৰ্বাচনী প্ৰচাৰতো বিভিন্ন অযুক্তিকৰ দাবী কৰা পৰিলক্ষিত হয় । সেয়ে ৰাষ্ট্ৰপতিৰ শপতগ্ৰহণ কৰাৰ পাছৰ পৰা এশ দিন তেওঁৰ প্ৰতিটো মন্তব্যৰ ৰেকৰ্ড ৰখা আৰম্ভ কৰে সংবাদ মাধ্যমে । পৰৱৰ্তী সময়ত পাঠকসকলৰ আৰ্জি মানি নিয়মিত ৰেকৰ্ড ৰখা আৰম্ভ হয় ।

সত্যাসত্য নিৰুপন কৰিবলৈ ট্ৰাম্পৰ মন্তব্যৰ পৰা সঠিক আৰু ভুৱা তথ্য পৃথক কৰিবৰ বাবে বিশেষ ‘ফেক্ট চেক টিম’ও প্ৰস্তুত কৰা হয় । এই ফেক্ট চেক টিমেই দাবী কৰে যে ট্ৰাম্পে তেওঁৰ শাসনকালত ৩০ হেজাৰ ৫৭৩ টা ভুৱা দাবী কৰিছে ।

সংবাদ সূত্ৰ অনুসৰি, ৰাষ্ট্ৰপতি ৰূপে শপতগ্ৰহণ কৰাৰ পাছত প্ৰথম বৰ্ষৰ প্ৰকাশ্য দিনৰ অন্তত চাৰিটা ভুৱা তথ্য দিয়ে ট্ৰাম্পে । দ্বিতীয় বৰ্ষত ইয়াৰ হাৰ বৃদ্ধি পায় দৈনিক ১৬ টা ভুৱা তথ্য । তৃতীয় বৰ্ষত দৈনিক ২২ আৰু চতুৰ্থ বৰ্ষত দৈনিক ৩৯ টা । হোৱাইট হাউচৰ প্ৰথম ২৭ টা মাহত ট্ৰাম্পে ১০ হেজাৰ ভুৱা তথ্য দিয়াৰ ৰেকৰ্ড পোৱা যায় । পৰৱৰ্তী ১৪ মাহত বৃদ্ধি পায় ২০ হেজাৰলৈ । ইয়াৰ পাছৰ পাঁচ মাহত ভুৱা তথ্যৰ সংখ্যা হয় ৩০ হেজাৰৰো অধিক ।

জনসভা আৰু টুইটাৰ একাউণ্টতে ট্ৰাম্পে সৰ্বাধিক ভুৱা তথ্য দিয়া পৰিলক্ষিত হয় । ট্ৰাম্পে অপ্ৰবাসীৰ দলে আমেৰিকাৰ সীমান্তত সোমাইছে বুলি দাবী কৰি হাউচ অৱ ৰিপ্ৰেজেণ্টেটিভছক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছিল । ২০১৯ ত টেলিফোনিকযোগে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ স’তে বাৰ্তালাপ কৰিছে আৰু তেওঁ জ’ বাইডেনৰ বিৰুদ্ধে তদন্তৰ কথা জনাইছে বুলিও দাবী কৰে ট্ৰাম্পে । এই সন্দৰ্ভত চাৰি মাহ ধৰি প্ৰায় এহেজাৰ ভুৱা তথ্য দিয়ে ট্ৰাম্পে ।

২০২০ ত যেতিয়া সমগ্ৰ বিশ্বই অতিমাৰীৰ স’তে যুঁজ দি আছিল তেতিয়াও ভুৱা তথ্য দিয়াৰ পৰা বিৰত নাছিল ট্ৰাম্প । বৰঞ্চ সেই সময়ত ভুৱা তথ্যৰ হাৰ বৃদ্ধিহে পায় বুলি জনায় সংবাদ মাধ্যমে । কৰ’না ভাইৰাছক লৈ ট্ৰাম্পে আঢ়ৈ হেজাৰ ভুৱা তথ্য দিছে বুলি দাবী কৰে সংবাদ মাধ্যমে । অক্টোবৰত নিজে ক’ভিড আক্ৰান্ত হোৱাৰ পাছত ছয় দিন কোনো প্ৰতিক্ৰিয়া কৰা নাছিল ট্ৰাম্পে । এই সকলোবোৰ ভুৱা তথ্যৰ ৰেকৰ্ড আমেৰিকাৰ সংবাদ মাধ্যমে ৰাখিছে বুলি দাবী কৰে ‌।

Exit mobile version