গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত তৎপৰ শালবাৰী-আনন্দ বজাৰ-লাবদাংগুৰ আৰক্ষী

9a6507d7 f330 485c b446 45ff81f1facf

গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ এটা দিন ৷ গণৰাজ্য দিৱসক লৈ তৎপৰ হৈ পৰিছে অসম আৰক্ষী বাহিনী ৷সমান্তৰালকৈ বাগসা আৰক্ষীয়েও জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৷

বাগসা লাৱদাংগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আকাশ ৰাইৰ নেতৃত্বত আৰু অসম আৰক্ষীৰ কামাণ্ডো বাহিনীৰ সহযোগত এটি বৃহৎ দলে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া স্পৰ্শকাতৰ অঞ্চলসমূহত তীব্ৰ অভিযান চলাইছে ৷

অঞ্চলসমূহৰ বজাৰ-সমাৰ, অনুষ্ঠান-প্ৰতিষ্ঠান, যান-বাহন আদিত সুক্ষ্ম নিৰীক্ষণ অব্যাহত ৰাখিছে আৰক্ষীৰ দলে ৷ যান-বাহন সমুহ ৰখাই নিছিদ্ৰ তালাচীৰ ব্যৱস্থা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

গণৰাজ্য দিৱসক লৈ দুষ্কৃতিকাৰীয়ে যাতে কোনোধৰণৰ কূটাঘাটমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবেই এই কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়াগৰাকীয়ে ৷ ইফালে শালবাৰী,গোৱৰ্ধনা,আনন্দ বজাৰ,বাঁহবাৰী আৰক্ষীয়েও নিজৰ নিজৰ অঞ্চলত গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত নাকা চেকিংৰ লগতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে

Exit mobile version