নুমলীগড়ৰ ৰংবঙত নাহৰফুটুকীৰ আক্ৰমণত আহত এজন

tiger1 1541213213 1568904035

গোলাঘাট জিলাৰ নুমলীগড়ৰ সমীপৱৰ্তী বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ তিনি নম্বৰ ৰংবঙত আজি নাহৰফুটুকীৰ আক্ৰমনত আহত হ’ল এজন যুৱক। যোৱা দুমাহে নাহৰফুটুকীটোৱে অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। ৰংবঙৰ বহু কৃষকৰ পশুধন, বিশেষকৈ গৰু-ছাগলী মাৰি পশুপালক ৰাইজক অতিষ্ঠ কৰি আহিছে।

অঞ্চলটোত ঘূৰি ফুৰা নাহৰফুটুকীটোৱে যোৱা দুমাহৰ ভিতৰত প্ৰায় ১০ টা গৰুৰ এৰাল দিয়া ঠাইতে নিধন যজ্ঞ চলাইছে। ইয়াৰ ফলশ্ৰুতিত উপায়ন্তৰ হৈ পৰা কৃষকসকলে আজি বাঘটোক খেদি পঠিয়াবলৈ বুলি দলে-বলে তিনি নম্বৰ ৰংবঙৰ হাবি ডোখৰলৈ যায়।

কিন্তু, এফালৰ পৰা চিঞৰ-বাসৰ কৰি যোৱা ৰাইজক দেখি নাহৰফুটুকীটোৱে গাঁৱৰ ৰাইজৰ দিশেই জাপ দি আহে আৰু স্থানীয় বিকাশ ছেত্ৰী নামৰ যুৱকজনক আক্ৰমণ কৰে। ইয়াৰ লগে লগে ৰাইজে হুলস্থুল কৰাত বাঘটো পুনৰ হাবিত সোমাই যায়। ইপিনে, বাঘৰ কামোৰত গুৰুতৰভাৱে আহত হোৱা বিকাশক ততাতৈয়াকৈ ভি কে-এন আৰ এল হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও প্ৰাপ্ত তথ্য মতে বিকাশ বিপদ মুক্ত হৈ ঘৰলৈ উভতিছে।

ঘটনাৰ পাছতে নুমলীগড় খণ্ড বন কাৰ্যালয়ত ৰাইজে খবৰ দিয়ে। ইয়াৰ কিছু সময়ৰ পাছতে বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ এইটো বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অধীনৰ এলেকা বুলি কৈ গুছি যায় বুলি ৰাইজে প্ৰকাশ কৰিছে ইপিনে, বকিয়াল খণ্ড বন কাৰ্যালয়তো খবৰ দিয়া হৈছিল কিন্তু বকিয়াল কাৰ্যালয়ৰ পৰাও এই পৰ্যন্ত কোনো সঁহাৰি লাভ নাই কৰা বুলি ৰাইজে আক্ষেপেৰে প্ৰকাশ কৰে। ৰাইজে অতি শীঘ্ৰেই নাহৰফুটুকীটো ধৰি নিয়াৰ ব্যৱস্থা কৰিবলৈ বন বিভাগক আহ্বান জনাইছে।

Exit mobile version