প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ গ্ৰহণ কৰা সময়ত নিজে ডিজাইন কৰি কাপোৰ পিন্ধিছিল বলিউডৰ ‘কুইন’ কংগনা ৰানাৱতে

kangana ss 1611462944582 1611462958873

বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানাৱত অৰ্থাৎ কুইন বিভিন্ন সময়ত বিতৰ্কত সাঙোৰ খাই অহা এগৰাকী অন্যতম অভিনেত্ৰী ।

জীৱনৰ প্ৰথম ৰাষ্ট্ৰীয় পুৰস্কাৰ গ্ৰহণ কৰাৰ সময়ত নিজৰ পোছাক নিজেই ডিজাইন কৰিছিল অভিনেত্ৰীগৰাকীয়ে এই কথা তেওঁ নিজৰ এটা ফেন পেজৰ দ্বাৰা সদৰী কৰে।

কংগনাই ২০০৮ত ফেশ্বন ছবিত অভিনয় কৰাৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছিল । এই ৰাষ্ট্ৰীয় পুৰস্কাৰ তেওঁক প্ৰদান কৰিছিল তদানীন্তম ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলে ।

অভিনেত্ৰীগৰাকীয়ে লাভ কৰা সেই ফটো কংগনাৰ এটা ফেন পেজে শ্বেয়াৰ কৰিছে।

কংগনাই জানিবলৈ দিয়ে যে, সেই অনুষ্ঠানত পিন্ধিবলৈ কাপোৰ কিনিবলৈ প্ৰয়োজনীয় টকা নাছিল । গতিকে অনুষ্ঠানত পিন্ধা কাপোৰ নিজে ডিজাইন কৰি পৰিধান কৰিছিল অভিনেত্ৰীগৰাকীয়ে।

Exit mobile version