ভিৰৰ সুযোগ লৈ কৃষক নেতাসকলক গুলীয়াই হত্যাৰ পৰিকল্পনা কৰিছে আৰক্ষীয়ে

mbr4m52o farmers

কৃষকসকলৰ প্ৰতিবাদত দিল্লী আৰক্ষীয়ে অশান্তিৰ সৃষ্টি কৰিছে ! ভিৰৰ সুযোগ লৈ কৃষক নেতাসকলক গুলীয়াই হত্যা কৰাৰ চেষ্টা চলাইছে ! শুক্ৰবাৰে ছিংঘু সীমান্তত এনে বহু চাঞ্চল্যকৰ দাবী কৰিছে কৃষকসকলৰ বিক্ষোভস্থলৰ ধৃত যুৱকে । এই সন্দৰ্ভত স্বৰাজ ইণ্ডিয়া দলৰ নেতা যোগেন্দ্ৰ যাদৱে দাবী কৰে যে, দিল্লী আৰক্ষীয়ে ২৬ জানুৱাৰীত কৃষকসকলক দিল্লীত ট্ৰেক্টৰৰ ৰেলী ওলোৱাৰ অনুমতি প্ৰদান কৰিছে । তেওঁৰ দাবী, কৃষকসকলৰ ৰেলীৰ ফলত ইণ্ডিয়া গেটত অনুষ্ঠিত হোৱা গণৰাজ্য দিৱসত একো প্ৰভাৱ নপৰে । শান্তিপূৰ্ণ ৰেলী হ’ব ।

বিগত সময়ত বিক্ষোভস্থলৰ এজন ধৃত যুৱকে দাবী কৰে যে, কৃষকসকলৰ আন্দোলনত অশান্তিৰ সৃষ্টি কৰিবৰ বাবে হাৰিয়ানা ৰায় থানাৰ আৰক্ষীয়ে আঠজন যুৱক-যুৱতীক প্ৰশিক্ষণ দি তেওঁলোকৰ মাজত প্ৰেৰণ কৰিছে । যুৱকজনৰ দাবী, প্ৰতিবাদকাৰীৰ মনোবল ভংগ কৰিবৰ বাবে আজি পৰিকল্পিতভাৱে উশৃংখলতাৰ সৃষ্টি কৰাৰ পৰিকল্পনা কৰা হৈছে । এই কাৰ্যত যুৱতীসকলক ব্যৱহাৰ কৰাৰ কথা আছিল । উশৃংখলতাৰ সুযোগ লৈ মঞ্চত থকা চাৰিজন কৃষক নেতাক গুলীয়াই হত্যা কৰাৰো পৰিকল্পনা কৰা হৈছিল ।

কিদৰে বিষয়টো নিয়ন্ত্ৰণ কৰিব লাগিব তাৰ প্ৰশিক্ষণ দিছিল ৰায় আৰক্ষী চকীৰ ষ্টেচন হাউচ অফিচাৰ (এছ এইচ অ’) প্ৰদীপ সিঙে । মুখত মাস্ক থকাৰ বাবে প্ৰদীপ সিঙৰ চেহেৰা কোনেও দেখা নাই বুলি দাবী কৰে ধৃত যুৱকজনে । কিন্তু পৰৱৰ্তী সময়ত জনোৱা হয় যে, ৰায় থানাৰ এছ এইচ অ’ৰ নাম বিবেক মালিক । তেওঁ বিগত সাত মাহ ধৰি সেইখন থানাত কৰ্মৰত । বিবেক মালিকে দাবী কৰে যে, যায় থানাত প্ৰদীপ সিং নামৰ কোনো আৰক্ষী নাই ।

ধৃত যুৱকজনে এইটোও দাবী কৰে যে, ২৬ জানুৱাৰীত ট্ৰেক্টৰ ৰেলীটো কৃষকসকলৰ ওপৰত আৰক্ষীয়ে আক্ৰমণৰ পৰিকল্পনা কৰিছে । তেওঁৰ দাবী, গণৰাজ্য দিৱসত ট্ৰেক্টৰ ৰেলীৰ বাবে দিল্লীত প্ৰৱেশৰ অনুমতি বিচাৰিলে দুখন ৰাজ্যৰ সীমাৰ পৰাই উভতি যাবলৈ কোৱা হ’ব । প্ৰতিবাদকাৰীসকলে বাধা নামানি আগবাঢ়িলে ৰেলীৰ প্ৰথম শাৰীৰ প্ৰতিবাদী কৃষকসকলক গুলীয়াই হত্যা কৰা হ’ব । এই বিষয়টো লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ।

এই সন্দৰ্ভত আৰক্ষীৰ দাবী, যুৱকজনৰ ওপৰত চাপৰ সৃষ্টি কৰি এই বিবৃতি দিবলৈ বাধ্য কৰোৱা হৈছে । কৃষকসকলৰ অভিযোগ, তেওঁলোকৰ আন্দোলন ভংগ কৰিবৰ বাবে বিজেপি চৰকাৰে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ চলাইছে ।

কালি সন্ধিয়া যোগেন্দ্ৰ যাদৱে জনায় যে, গণৰাজ্য দিৱসত কিষাণ গণতন্ত্ৰ ৰেলীত দিল্লী আৰু বহু ৰাজ্যৰ সীমান্তত প্ৰতিবাদ কৰি থকা কৃষকে অংশগ্ৰহণ কৰিব । দিল্লী আৰু সংযুক্ত কিষান মৰ্চাৰ নেতাসকলে সম্প্ৰতি বৈঠকত মিলিত হৈ ট্ৰেক্টৰ ৰেলীৰ পথ প্ৰাথমিকভাৱে চূড়ান্ত কৰে ।

Exit mobile version