লাডাখ সন্দৰ্ভত চীনৰ স’তে বৈঠক ভাৰতৰ

ladakh PTI

লাডাখত সীমান্ত বিবাদ সমাপ্ত কৰিবৰ বাবে নৱ বৰ্ষৰ আৰম্ভণিতে বৈঠকত মিলিত হ’ব ভাৰত আৰু চীন । অনাগত দিনত চুচুল চেক্টৰৰ মলড’ত নৱম ক’ৰ কামাণ্ডাৰ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ’ব । বৈঠকখনত সেনা অধিকাৰীসকলৰ লগতে বৈদেশিক মন্ত্ৰণালয়ৰ এজন অধিকাৰীও উপস্থিত থাকিব ।

বৈঠকৰ পূৰ্বে অৱশ্যে ভাৰতে চীনক উদ্দেশ্যি কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছে । আজি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে, চীনে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা এলএচি সংযুক্ত অঞ্চলৰ পৰা সেনা আঁতৰ নকৰা পৰ্যন্ত ভাৰতেও সেনা আঁতৰ নকৰে । পূৰ্বৰ বৈঠকত ‘আঠ নম্বৰ ফিংগাৰ’ অঞ্চলৰ পৰা সেনা আঁতৰোৱাৰ প্ৰস্তাৱ দিছিল বেইজিঙে । এই প্ৰস্তাৱত সহমত হয় নতুন দিল্লী ।

কিন্তু আজি ৰাজনাথ সিঙে কয় যে, চীনে যেতিয়ালৈকে এলএচি-ৰ পৰা সেনা আঁতৰ নকৰে, তেতিয়ালৈকে ভাৰতেও সেনা আঁতৰ নকৰে । তেওঁ লগতে কয় যে, লাডাখ সীমান্তত পৰিকাঠামো উন্নয়নৰ বাবে যি কাম আৰম্ভ কৰা হৈছে সেয়া অব্যাহত থাকিব । চীনে আপত্তি দৰ্শালেও ভাৰতে শীৰ নত নকৰে ।

চীনৰ বিৰুদ্ধে চুক্তি ভংগৰ অভিযোগ উত্থাপন কৰি লাডাখ সীমান্তত অচলাৱস্থা সমাধানৰ আলোচনাৰ ওপৰত গুৰুত্ব আৰোপ কৰাত জোৰ দিয়ে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ।  তেওঁ কয়, ‘সীমান্তত যেতিয়া দুই দেশৰ সেনা থাকে, তেতিয়া আলোচনাৰ কোনো দিন নিৰ্ধাৰণ কৰিব পৰা নাযায় । আমি আলোচনাত বিশ্বাসী । কিন্তু সমাধানৰ বাবে কোনো নিৰ্দিষ্ট সময় বা তাৰিখ দিয়া অসম্ভৱ ।’

বুয়ুসেনা প্ৰধান এয়াৰ চিফ মাৰ্শ্বেল আৰকেএছ ভাদৌৰিয়াইও চীনৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰিছে । যুধপুৰত আজিৰ পৰা ভাৰত-ফ্ৰান্স ‘ডেজাৰ্ট নাইট-২১’ প্ৰশিক্ষণ আৰম্ভ হৈছে । মূলতঃ ৰাহেল যুদ্ধবিমানক কেন্দ্ৰ কৰি প্ৰশিক্ষণ আৰম্ভ কৰিছে দুয়োখন দেশে ।

আজি যুধপুৰত সংবাদ মেলত সীমান্ত সমস্যা প্ৰসংগত বায়ুসেনা প্ৰধানে কয়, চীনে আগ্ৰাসী মনোভাৱ দেখুৱালে আমিও আগ্ৰাসী হ’ব পাৰো ।’ বিগত বৰ্ষত এলএচিত বিপুল সেনা মোতায়েন কৰিছে চীনে । বহু ৰেডাৰ, ক্ষেপণাস্ত্ৰ স্থাপন কৰা হৈছে ।

Exit mobile version