গুৱাহাটী চিকিৎসা মহাবিদ্যালত শেষ নিশ্বাস ত্যাগ কৰে নাট্যকাৰগৰাকীয়ে । বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ আছিল সেৱাব্ৰত বৰুৱা।
আজি পুৱা ৫.৩০ বজাত জিএমচিএইচত মৃত্যু হয় বিশিষ্ট নাট্যকাৰজন। বিশিষ্ট নাট্যকাৰজনৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে অসমৰ নাট্যজগতত।
ইয়াৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো শোক ব্যক্ত কৰে।
বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাদেৱৰ বিয়োগত মৰ্মাহত হৈছো ৷ স্বকীয় শৈলীৰে বহু উচ্চমানৰ নাট ৰচনাৰে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ লগতে সমগ্ৰ নাট্য জগতখনক সমৃদ্ধ কৰা বৰুৱাদেৱৰ বিয়োগ এক অপূৰণীয় ক্ষতি ৷ তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ ৷ pic.twitter.com/LeFwDWdCNG
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) January 24, 2021