বিটিআৰ চুক্তিৰ বৰ্ষপূৰ্তীৰ সাংস্কৃতিক শোভাযাত্ৰা

WhatsApp Image 2021 01 25 at 6.43.36 PM

চিৰাঙৰ কাজলগাঁও উদাংশ্ৰিনি আলাৰি প্ৰেমসিং ব্ৰহ্ম ষ্টেডিয়ামত বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তীৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা আৰু প্ৰদৰ্শনি অনুষ্ঠান অনুষ্ঠিত । বিটিআৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী আৰু জিলা উপায়ুক্ত গৌতম তালুকদাৰে যৌথভাৱে পতকা জোকাৰি সাংস্কৃতিক শোভাযাত্ৰাৰ আৰম্ভণি কৰে । সহযোগ কৰে বিটিআৰৰ মনোনিত সদস্য মাধৱ ছেত্ৰী।

শোভাযাত্ৰাৰ পূৰ্বে কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে কয় যে, বিটিআৰত থকা ২৩ টা জাতি-জনগোষ্ঠীৰ কলা-সংস্কৃতি বিশ্বৰ অন্যান্য উন্নত জাতি-জনগোষ্ঠিতকৈ কম নহয়। গতিকে আমি যে সকলো এক আৰু সমান তাকেই আজি এই সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে বুজাব বিচৰা হৈছে।

তেওঁ লগতে কয় যে, বিগত ১৭ বছৰে বিটিচিত অবাধ দুৰ্নীতি সংঘটিত হৈছে। বিপিএফে জাতি-জনগোষ্ঠিৰ মাজত বিভাজনৰ সৃষ্টি কৰি বড়ো-অবড়োৰ বিভেদ সৃষ্টি কৰিছিল ।

গতিকে প্ৰমোদ বড়োৰ নেতৃত্বত আমি বড়ো-অবড়োৰ বিভাজন আঁতৰাবলৈ সক্ষম হৈছো বুলি দাবী কৰি কয় যে, আমি সকলো জাতি-জনগোষ্ঠি সম-অধিকাৰ, সম-মৰ্য্যাদাৰে আগুৱাই যোৱাৰ চেষ্টা চলাইছো। এতিয়া কথা হৈছে বিগত সময়ত তিনি হেজাৰ কোটিতকৈ অধিক টকাৰ দুৰ্নীতি সংঘটিত হৈছে। কিছুদিনৰ ভিতৰতে সকলো পৰিষ্কাৰ হ’ব ।

আমি এতিয়াও ঠন ধৰি উঠিব পৰা নাই । অহা ২৮ জানুৱাৰীত বাকি থকা কাৰ্য্যবাহী সদস্যৰ পদসমূহ পূৰণ কৰা হ’ব। তাৰ পাছত সকলো দুৰ্নীতি পুংখানুপুংখভাৱে ৰাজহুৱা কৰা হ’ব বুলিও কয় ৰঞ্জিত বসুমতাৰীয়ে।

লগতে তেওঁ কয় যে, মই দায়িত্ব লাভ কৰা বন বিভাগতে ১৪২ কোটি টকাৰ দুৰ্নীতি সংঘটিত হৈছে য’ত দুৰ্নীতিৰ কোনো কথাই নাছিল । বড়ো আৰু অসমীয়া লোক দুৰ্নীতিপৰায়ণ নহয়। কিন্তু বিগত সময়ছোৱাত বিপিএফে দুৰ্নীতি কৰিবলৈ বাধ্য কৰিছে ।

বিভিন্ন জাতি-জনগোষ্ঠিৰ লগতে জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সাংস্কৃতিক শোভাযাত্ৰা কাজলগাঁৱৰ ৩১ নং চিৰাং ৰাষ্ট্ৰীয় ঘাই পথেৰে আহি জিলা উপায়ুক্ত কাৰ্য্যালয় হৈ পুনৰ ষ্টেডিয়ামত উপস্থিত হয় আৰু তাতেই বিভিন্ন সাংস্কৃতিক দলৰ নৃত্য-গীত তথা সাংস্কৃতিক কাৰ্য্যকলাপ প্ৰদৰ্শন কৰে। এই কাৰ্যসূচীত বিটিচিৰ সাংস্কৃতিক বিভাগৰ মুৰব্বী বিষয়া যুগান্ত বায়নসহ বহুসংখ্যক লোকে অংশগ্ৰহণ কৰে ।

Exit mobile version