ভাৰতৰ ধনকুবেৰসকলৰ সম্পদ ৩৫ শতাংশ বৃদ্ধি পাইছে তলাবন্ধত

58c0e40ee226450e87e6ec696b0378f7 18

কৰ’না‌কালত ভাৰতত ধনসম্পদ বণ্টনৰ বৈষম্য অধিক বৃদ্ধি পাইছে । ভাৰতৰ মুষ্টিমেয় ধনকুবেৰ আৰু কোটি কোটি অদক্ষ শ্ৰমিকৰ আয়ৰ ব্যৱধান স্পষ্টভাৱে পৰিলক্ষিত হৈছে অতিমাৰীৰ সময়ত । ‘ৱৰ্ল্ড ইক’ন’মিক ফ’ৰাম’ৰ বৈঠকৰ পূৰ্বৰ এক সমীক্ষাত এনে চাঞ্চল্যকৰ দাবী কৰে আন্তৰ্জাতিক মানৱ অধিকাৰ সংগঠন অক্সফেমে । ২৬ জানুৱাৰীৰ পৰা ছুইজাৰলেণ্ডৰ ডাভ’ছত অনুষ্ঠিত হ’বলগীয়া বৈঠকত উত্থাপন কৰা হ’ব এই ৰিপ’ৰ্ট ।

অক্সফেমৰ ৰিপ’ৰ্টটোৰ শিৰোনাম দিয়া হৈছে ‘দ্য ইনইকুৱেলিটি ভাইৰাছ’ অৰ্থাৎ বৈষম্যৰ ভাইৰাছ । ৰিপ’ৰ্টটোত লিখা হৈছে, ‘তলাবন্ধৰ সময়ত দেশৰ ধনকুবেৰসকলৰ সম্পদ গড়ে ৩৫ শতাংশ বৃদ্ধি পাইছে । আনহাতে, ৮৪ শতাংশ পৰিয়ালৰ আয় হ্ৰাস পাইছে বিভিন্ন ধৰণে । বিগত বৰ্ষৰ এপ্ৰিলত প্ৰতি ঘণ্টাত ১.৭ লাখ লোকে চাকৰী হেৰুৱাইছে । দেশৰ শীৰ্ষ স্থানত থকা ১১জন ধনকুবেৰৰ বৰ্ধিত সম্পদৰ অনুপাতত এক শতাংশ কৰ বৃদ্ধি কৰিলে জন ঔষধ প্ৰকল্পৰ অৱস্থাই পৰিৱৰ্তন হৈ গ’ল হেঁতেন ।’

লগতে ৰিপ’ৰ্টত কোৱা হৈছে, ‘বিগত বৰ্ষৰ মাৰ্চৰ (তলাবন্ধৰ সময়ছোৱা) পৰা ভাৰতৰ শতাধিক ধনকুবেৰৰ ‌যি পৰিমাণে সম্পদ বৃদ্ধি পাইছে তাৰে তেওঁলোকে দেশৰ প্ৰায় ১৩ কোটি ৮০ লাখ দৰিদ্ৰ লোকক ৯৪ হেজাৰ ৪৫ টকাকৈ দান কৰিব পাৰিলেহেঁতেন । ভাৰতৰ বৰ্ধিত ‌আৰ্থিক বৈষম্য চৰম পৰ্যায়ত উপনিত হৈছে । অতিমাৰীৰ সময়ত ৰিলায়েন্স কোম্পানীৰ স্বত্বাধিকাৰী মুকেশ অম্বানীৰ প্ৰতি ঘণ্টাৰ যি আয় সেয়া এজন সাধাৰণ শ্ৰমিকক উপাৰ্জন কৰিবলৈ ১০ হেজাৰ বছৰৰ প্ৰয়োজন হ’ব । বিগত বৰ্ষৰ আগষ্টত বিশ্বৰ ধনাঢ্য লোকৰ তালিকাত চতুৰ্থ স্থানত আছিল ৰিলায়েন্সৰ মুৰব্বী ।’

শাৰীৰিক দূৰত্ব মনা চাবোন দি হাত ধোৱাৰ দৰে ক’ভিড নীতি সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰা হৈছে ৰিপ’ৰ্টটোত । চহৰ অঞ্চলত শাৰীৰিক দূৰত্ব বিধি মানি চলাটো ৩২ শতাংশ লোকৰ বাবে বিলাসীতা মাত্ৰ । কাৰণ, দৰিদ্ৰসকলৰ অধিকাংশই এক বা দুই কোঠাৰ গৃহত বাস কৰে । ৩০ শতাংশ লোকৰ হাত ধুবৰ বাবে চাবোন, পানীৰ ব্যৱস্থা কৰাও কঠিন । ভাৰত চৰকাৰক ন্যূনতম মজুৰি বৃদ্ধিৰ পৰামৰ্শ দিছে অক্সফেমে । ভৱিষ্যতে নিয়মিতভাৱে বৃদ্ধি কৰাৰ কথাও উল্লেখ কৰা হৈছে ৰিপ’ৰ্টত ।

ভাৰতৰ লগতে ক’ভিড অতিমাৰীৰ সময়ত বিশ্বৰ আৰ্থিক বৈষম্যৰ কথাও দাঙি ধৰিছে অক্সফেমে । বিগত বৰ্ষৰ ১৮ মাৰ্চৰ পৰা ৩১ ডিচেম্বৰলৈকে ধনকুবেৰসকলৰ আৰ্থিক উন্নতি ‘বিস্ময়কৰ’ বুলি আখ্যা দিয়া হৈছে ৰিপ’ৰ্টত । ক’ভিড সংকট আৰম্ভ হোৱাৰ মুহূৰ্তৰ পৰা বিশ্বৰ প্ৰথম ১০ জন ধনী লোকৰ সম্পদ বৃদ্ধি হৈছে বুলিও জনায় অক্সফেমে ।

Exit mobile version