সকলো নীতি-নিয়মেৰে আয়োজন কৰা হ’ল পুতলাৰ বিয়া

Screenshot 189

এখন বিশেষ বিয়া । সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল এই বিশেষ বিয়াখন । বিয়াখনত দৰাৰ মাতৃ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী প্ৰিয়ংকা মণ্ডল।আনফালে, কইনাৰ মাতৃ চন্দ্ৰিমা চৰকাৰ তৃতীয় শ্ৰেণীৰ । প্ৰিয়ংকা-চন্দ্ৰিমা দুয়োজনী ঘনিষ্ঠ বান্ধৱী। তেওঁলোকে ইউটিউবত পুতুলাৰ বিয়া চাই নিজেও তেনেকুৱা এখন বিয়া আয়োজন কৰিবলৈ মন মেলিলে ।

ঘৰৰ জ্যেষ্ঠসকলেও তেওঁলোকৰ ইচ্ছাত সহযোগ কৰে আৰু বিয়াখনত অংশগ্ৰহণ কৰে । বিয়াখন সম্পূৰ্ণ বঙালী ৰীতি-নীতিত পতা হয় । পুৰোহিতজনে সকলো নিয়ম অনুসৰণ কৰে। পুৰোহিত জনে কয় যে, “এইটো তেওঁৰ জীৱনৰ প্ৰথম অভিজ্ঞতা। এই অভিজ্ঞতা সম্পূৰ্ণৰূপে নতুন।

প্ৰথমবাৰৰ বাবে তেওঁ এখন পুতুলা বিয়া কৰাইছে ।” ৰীতি-নীতিত কোনো বিভেদ নাছিল সম্পূৰ্ণ ৰীতি-নীতিৰে পতা হৈছিল এই বিয়া । স্থানীয় লোককে ধৰি বিয়ালৈ প্ৰায় তিনিশ জন লোকক আমন্ত্ৰণ জনোৱা হৈছিল। আমন্ত্ৰিত সৰহভাগ অতিথিয়ে প্ৰথমবাৰৰ বাবে এই নতুন শৈলীৰে খেলা পুতুলা খেলৰ সাক্ষী হয় ।

Exit mobile version