২৭গৰাকী পত্নী-১৫০টি সন্তানৰে সুখী কানাডাৰ এজন বহুগামী

419cranbrookdailyblackmore familyweb

২৭গৰাকী পত্নী আৰু ১৫০টি সন্তানৰে এক বিশাল পৰিয়াল কানাডাৰ প্রতিষ্ঠিত ব্যৱসায়ী উইনষ্টন ব্লেকমােৰৰ। বিশাল পৰিয়ালৰ বাবেই কানাডাৰ অন্যতম বহুগামী ব্যক্তিৰূপে পৰিচিত ব্লেকমােৰ। ৬৪ বছৰীয়া লােকজনৰ ২৭ গৰাকী পত্নীৰ ফালৰ পৰা আছে ১৫০টি পুত্র-কন্যা।

এই বহুগামী পৰিয়ালৰ ১৯ বছৰীয়া পুত্র মার্লিন ব্লেকমােৰে সম্প্রতি নিজৰ এই বিশাল পৰিয়ালৰ কথা সামাজিক মাধ্যমত ‘শ্বেয়াৰ কৰিছে। পৰিয়ালৰ কাৰ জন্মদিনত কেনেদৰে উৎসৱ হয় বা ইমানবােৰ ভ্ৰাতৃ-ভগ্নীব স’তে স্কুললৈ যােৱাৰ অভিজ্ঞতায়াে দৃষ্টি আকৰ্ষণ কৰিছে ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলৰ।

মার্লিনৰ উপৰি তেওঁ আন দুই ভ্রাতৃ মুৰাৰী আৰু ৱাৰেনেও সামাজিক মাধ্যমত নিজৰ বিশাল পৰিয়ালৰ বিভিন্ন কথা-কাণ্ড সদৰী কৰিছে। কানাডাৰ ব্রিটিছ কলম্বিয়াৰ বাউন্টিফুলত । নিজৰ বিশাল পৰিয়ালৰ স’তেই থাকে মার্লিনে। পৰিয়ালৰ ইমানবোেৰ সদস্যৰ স’তে একেলগে থকাটো যিমান তৃপ্তিদায়ক, সিমানেই অস্বস্তিকৰ বুলিও তিনি ভ্রাতৃয়ে জনাইছে।

মার্লিনে জনাইছে যে ১৫০জন ভ্রাতৃ-ভগ্নীৰ ভিতৰত সবাতােকৈ ডাঙৰজনৰ বয়স ৪৪ বছৰ আৰু সর্বকনিষ্ঠৰ। বয়স এবছৰ। প্রত্যেকেই নিজৰ গৰ্ভধাৰিণী। মাতৃক ‘মাম বুলি মাতে। আনহাতে,মাহমাককলক সম্বােধন কৰে মাদাৰ’ বুলি। ভিন্ন মাতৃৰ গৰ্ভৰ পৰা একেদিনাই জন্মগ্রহণ কৰাৰ উদাহৰণাে ব্লেকমোেৰ পৰিয়ালত আছে।

অর্থাৎ একেদিনাই জন্ম ল’লেও তেনে ভ্রাতৃ-ভগ্নী যমজ নহয়। সকলাে ভ্রাতৃ-ভগ্নীয়ে একেখন স্কুলতে পঢ়ে বুলিয়েই মার্লিনে জনাইছে। লক্ষ্যণীয়ভাৱে বিদ্যালয়খনৰ স্বত্তাধিকাৰীও তেওঁলােকৰ পিতৃ উইনষ্টন। অস্বাভাৱিকভাৱে বৃহৎ পৰিয়ালটোৰ নিজৰ সৰু ভ্ৰাতৃ-ভগ্নীসকলক চম্ভাললাতে বাহিৰৰ আন কাৰােবাৰ স’তে বন্ধুত্ব স্থাপন সময়েই পােৱা নাযায় বুলি মার্লিনে জনাইছে।

উল্লেখ্য যে বিশাল পৰিয়ালটোৰ কোনাে সদস্যই পৃথকে নাথাকে। সকলােৱে এটা বিশাল গৃহতে একেলগে বাস কৰে।তেওঁলােকৰ সেই ঘৰৰ নাম ‘মােটেল হাউছ’। ইমানবােৰ সদস্যৰ বাবে বজাৰৰ পৰা সামগ্রী ক্রয় কৰি অনাও যে কিমান কষ্টকৰ, সেই কথাও মার্লিনে জনাইছে।সেইবাবেই নিজৰ বাসগৃহৰ চৌহদদে তেওঁলােকে শাক-পাচলিৰ খেতি কৰি আহিছে।

Exit mobile version