ভাৰতত যথেষ্ট প্ৰতিষেধক উপলব্ধ, গ্ৰহণ কৰা লোকৰ অভাৱ

104047928 c0199695 mmr vaccination spl 1

ইউৰোপৰ বিপৰীত‌ ছবি পৰিলক্ষিত হৈছে ভাৰতত । প্ৰতিষেধকৰ অভাৱ নাই, কিন্তু গ্ৰহণ কৰিবলৈ আগবাঢ়ি নাহে কোনো । কাৰণ বহুতে প্ৰকাশ কৰে যে, ভাৰত বায়’টেকৰ কৰ’না প্ৰতিষেধকৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণ ভালকৈ সমাপ্ত কৰা নহয় । বৰ্তমানলৈকে প্ৰতিষেধকৰ পৰীক্ষণ সাফল্যতাৰে সম্পন্ন হোৱাৰ তথ্য প্ৰকাশ হোৱা নাই । সেয়ে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ ভয় কৰিছে জনসাধাৰণে ।

ভাৰতত প্ৰাথমিকভাৱে প্ৰথম শাৰীৰ কৰ’না যোদ্ধাসকলক প্ৰতিষেধক দিয়াৰ কথা ঘোষণা কৰা হৈছিল । ছেৰাম ইনষ্টিটিউটৰ ক’ভিশ্বিল্ড আৰু ভাৰত বায়’টেকৰ ক’ভেক্সিনক অনুমোদন দিয়া হৈছিল । প্ৰতিষেধক দুটা প্ৰদানৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে । বহুতে ভাৰত বায়’টেকৰ প্ৰতিষেধকক ভৰষাত ল’ব পৰা নাই ।

ইনষ্টিটিউট অৱ মেডিকেল ছাইন্স অৱ পটনাৰ চিকিৎসক বিনোদ কুমাৰে জনায় যে, ৪০ শতাংশ চিকিৎসকে অপেক্ষা কৰিব বিচাৰিছে । তেওঁৰ দাবী, ‘আমাৰ (স্বাস্থ্যকৰ্মীসকলৰ) ওপৰত প্ৰতিষেধকৰ পৰিক্ষণ চলোৱাটো শুদ্ধ নহয়, ভাৰতত স্বাস্থ্যকৰ্মীৰ সংখ্যা তেনেই কম ।’

জুলাইৰ ভিতৰত ভাৰতত ৩০ কোটি লোকক প্ৰতিষেধক প্ৰদান কৰাৰ পৰিকল্পনা কৰা হৈছিল, কিন্তু সেয়া সুপৰিকল্পিতভাৱে পৰিচালিত হোৱা নাই । সোমবাৰৰ এক সমীক্ষা অনুযায়ী বৰ্তমানলৈকে ২০ লাখ মানুহকো প্ৰতিষেধক প্ৰদান কৰা সম্ভৱ হোৱা নাই । মধ্যপ্ৰদেশত ২১ জানুৱাৰীলৈকে লক্ষ্য কৰাৰ ভিতৰত ৭৫ শতাংশ লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে । ২৩ জানুৱাৰীলৈকে বিহাৰত ৫১.৬ শতাংশ । ১৯ জানুৱাৰীলৈকে ৰাজস্থানত ৫৫ শতাংশই প্ৰতিষেধক গ্ৰহণ কৰিছে । তামিলনাডুত প্ৰতিষেধক গ্ৰহণ কৰা লোকৰ পৰ্যৱেক্ষণ কৰিলে দেখা যায় যে, ক’ভেক্সিন প্ৰতিষেধকৰ বাবে নথিভুক্ত কৰা ২৩ শতাংশ লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে আৰু ক’ভিশ্বিল্ডৰ বাবে নথিভুক্ত কৰা লোকৰ ৫৬ শতাংশ লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে ।

ইতিমধ্যে কেন্দ্ৰই দুয়োটা প্ৰতিষেধকে নিৰাপদ বুলি ঘোষণা কৰিছে । ভাৰত বায়’টেকৰ প্ৰতিষেধকৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণ নোহোৱাৰ বাবে বহুতে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ ভয় কৰিছে, এইটো স্বাস্থ্যকৰ্মীসকলৰ শৰীৰত একপ্ৰকাৰৰ পৰীক্ষণে । ভাৰতৰ লগতে জাপান, চীন আৰু ব্ৰাজিলেও এনে সমস্যাৰ সন্মুখীন হৈছে । কিন্তু আমেৰিকা আৰু ইউৰোপীয় দেশসমূহৰ ক্ষেত্ৰত পৃথক । তাত প্ৰতিষেধক গ্ৰহণ কৰা লোক আছে, কিন্তু পৰ্যাপ্ত পৰিমাণৰ প্ৰতিষেধক নাই । সেয়ে ভাৰতৰ পৰা প্ৰতিষেধক ক্ৰয় কৰিব বিচাৰে ব্ৰিটেইন, বেলজিয়াম, ছৌদি আৰৱে ।

নতুন দিল্লীৰ এইমছৰ চিকিৎসক সংগঠনৰ সদস্য আদৰ্শপ্ৰতাপ সিঙে কয়, আমাৰ দৰে বহু প্ৰতিষ্ঠানে ক’ভেক্সিন প্ৰয়োগৰ বিষয়ত চিন্তিত । চৰকাৰৰ উচিত তথ্য প্ৰমাণ প্ৰকাশৰ বাবে আশাপ্ৰদ । সাধাৰণ লোকৰ মানত বিশ্বাসৰ সৃষ্টি কৰা যে প্ৰতিষেধকটো গ্ৰহণযোগ্য ।’

এই সন্দৰ্ভত ভাৰত বায়’টেকৰ মুৰব্বী কৃষ্ণা এলাই জনায় যে, সংস্থাটোৰ দুশ শতাংশ স্বচ্ছ ক্লিনিকেল পৰীক্ষণ সম্পন্ন হৈছে । ১৬ টা নিৰাপদ প্ৰতিষেধক প্ৰস্তুত কৰা ইতিহাস আছে । সেয়ে ইয়াক সন্দেহ কৰা কোনো প্ৰশ্নই উত্থাপন নহয় । কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধনে প্ৰতিষেধক গ্ৰহণ কৰিবৰ বাবে উৎসাহ যোগাই ।

Exit mobile version