লালকিল্লা দখল কৰা পৰিকল্পনা নাছিলঃ দীপ সিদ্ধু

প্ৰতিবাদী কৃষকসকলক উত্তেজিত কৰাৰ অভিযোগ উত্থাপিত হৈছিল পাঞ্জাৱী গায়ক দীপ সিদ্ধুৰ বিৰুদ্ধে । ইতিমধ্যে তেওঁ এই সন্দৰ্ভত মুখ খোলে । তেওঁ কয়, ‘এজন লোকে লক্ষ্যাধিক কৃষকক উত্তেজিত কৰা সম্ভৱ নেকি? মই মাত্ৰ আন্দোলনত যোগ দিছিলো ।’ নিজৰ ফেচবুক পেজত এটা ভিডিঅ’ প’ষ্ট কৰি বিতৰ্কৰ মাজত সোমাই পৰে গায়কজন ।

বিজেপিত যোগদান কৰাৰ কথা উল্লেখ কৰি কৃষক নেতাসকলে গণৰাজ্য দিৱসৰ সন্ধিয়া অভিযোগ কৰে, দীপ সিদ্ধু নামে গায়ক-অভিনেতাজনে ট্ৰেক্টৰ ৰেলীক বিপথে পৰিচালিত কৰিছে । মোদীৰ ঘনিষ্ঠ অভিনেতাই আন্দোলনক কলংকিত কৰাৰ পৰিকল্পনা কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে ।

এই সন্দৰ্ভত দীপ সিদ্ধুৱে ফেচবুকত প’ষ্ট কৰে, ‘লালকিল্লা যোৱাৰ কোনো পৰিকল্পনা নাছিল । যৌথ সিদ্ধান্ততে লালকিল্লালৈ যোৱা হৈছিল । ভাৰতীয় পতাকা নমাই দিয়া হৈছে বুলিও ভুৱা অভিযোগ উত্থাপিত হৈছে । লালকিল্লাত ভাৰতীয় পতাকাৰ তলত ‘নিছান ছাহিব’ উত্তোলন কৰিছিল কৃষকসকলে । ইয়াৰ ফলত জাতীয় মৰ্যাদা ক্ষুণ্ণ নহয় ।’

তেওঁ মত প্ৰকাশ কৰে যে, সাধাৰণ লোকৰ যেতিয়া অধিকাৰ লংঘিত হয়, দিনৰ পাছত দিন ধৰি প্ৰশাসনে সমস্যা সমাধান নকৰিলে, এনে পৰিস্থিতিৰ সৃষ্টি হোৱা স্বাভাৱিক । তাৰেই পৰিণতি এই আন্দোলন ।

দীপ সিদ্ধুৱে বিগত ডিচেম্বৰত কৃষক আন্দোলনত যোগ দিয়াৰ বাবে বিশিষ্ট অভিনেতা তথা বিজেপি সাংসদ সানি দেৱলে গায়কজনৰ স’তে সম্পৰ্ক ছেদ কৰে ।

কৃষক আন্দোলনৰ নেতাসকলো তেওঁৰ এই সিদ্ধান্তত সন্তুষ্ট নহয় । স্বৰাজ আভিযান দলৰ নেতা যোগেন্দ্ৰ যাদৱে কয়, ‘আৰম্ভণিৰ পৰাই প্ৰতিবাকাৰীসকলে দীপ সিদ্ধুৰ পৰা আঁতৰি আছিল । শম্ভু সীমান্তত যেতিয়া তেওঁ প্ৰথমবাৰ আন্দোলনত যোগ দিছিল, তেতিয়াই তেওঁৰ দলবদল কাৰ্যৰ বাবে প্ৰতিবাদৰত কৃষকসকল তেওঁৰ পৰা আঁতৰি আহিছিল ।’

ভিডিঅ’ত গণতান্ত্ৰিক অধিকাৰৰ কথা উত্থাপন কৰি সিদ্ধুৱে কয়, আমি চৰকাৰী সম্পত্তি ধ্বংস নকৰি শান্তিপূৰ্ণ ৰেলী কৰিছো । প্ৰত্যকে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব পাৰে । এজন লোকে লক্ষ্যাধিক কৃষকক সংগঠিত কৰা সম্ভৱ নেকি ?’

Exit mobile version