বাগসাৰ আনন্দ বজাৰত বিনামূলীয়া চিকিৎসা শিবিৰ

WhatsApp Image 2021 01 28 at 7.45.40 PM

বাগসাৰ আনন্দ বজাৰৰ পাচলি বজাৰত আজি বৰপটা ৰোড চিএমএছৰ উদ্যোগত এক বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয় ৷ চিকিৎসা শিবিৰটো শালবাৰী মহকুমাধিপতি নিত্য বিনোদ ওৱাৰীয়ে ফিটা কাটি মুকলি কৰে ৷ সংবাদকৰ্মী নিপু বায়নৰ প্ৰচেষ্টাত অনুষ্ঠিত হোৱা চিকিৎসা শিবিৰটোত উপস্থিত থাকি চিকিৎসা আগবঢ়ায় ডাঃ সনাতন দাস, ডাঃ কামেশ্বৰ বড়োৱে ৷

চিএমএছৰ প্ৰবক্তা ইন্দুকল্প নাথে জানিবলৈ দি কয় যে, বৰপেটা ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ চিকিৎসকসকলৰ দ্বাৰা ৭৫ জন ছাত্রক প্ৰশিক্ষণ দিয়া হৈছে গ্ৰাম্য অঞ্চলৰ মানুহক স্বাস্থ্য সেৱা আগবঢ়াবলৈ । সেইসকল ছাত্রই ডেৰ বছৰ ক্ষেত্ৰ ভিত্তিত কেনেদৰে কাম কৰিব তাৰ প্ৰশিক্ষণৰ লগতে তেওঁলোকে যাতে গ্ৰাম্য অঞ্চলত ভালকৈ চিকিৎসা সেৱা আগবঢ়াব পাৰে তাৰ উদ্দেশ্যে আজি এই বিনামূলীয়া চিকিৎসা শিবিৰটোৰ ব্যৱস্থা কৰা হয় ৷

উল্লেখ্য যে আনন্দ বজাৰৰ লগতে সমীপৱৰ্তী বহুকেইখন গাঁৱৰ পুৰুষ-মহিলাক বিনামূলীয়াকৈ চিকিৎসা আগবঢ়োৱাৰ লগতে ঔষধপাতিও বিতৰণ কৰা হয় ৷

Exit mobile version