বৰপেটাত কাটাঝাৰ পথাৰ আঞ্চলিক ক্ৰীড়া সংঘৰ বাৰ্ষিক অধিৱেশন

WhatsApp Image 2021 01 28 at 7.45.43 PM

বাগসাৰ সমীপৱৰ্তী বৰপেটাৰ কাটাঝাৰত গণৰাজ্য দিৱসৰ স’তে সংগতি ৰাখি কাটাঝাৰ পথাৰ আঞ্চলিক ক্ৰীড়া সংঘই তিনিদিনীয়া কাৰ্যসূচীৰে বাৰ্ষিক অধিৱেশন ও সাংস্কৃতিক সন্ধিয়া পালন কৰে ৷ বিভিন্ন কাৰ্যসূচীৰ মাজেৰে অনুষ্ঠিত অনুষ্ঠানটোৰ কালি নিশা মুকলি কৰা হয় আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হৈ যায় ৷

ADVERTISEMENT

সভাত চিপিআইএম দলৰ ৰাজ্যিক নেতা মনোৰঞ্জন তালুকদাৰ, আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মানছুখ ছানখাড়িকা, সাংবাদিক লৱ কুমাৰ দাসৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ বিশিষ্ট ব্যক্তিসকলক ফুলাম গামোছা আৰু গছ-পুলিৰে সম্বৰ্ধনা জনায় ক্লাৱৰ উদ্যোক্তাসকলে ৷

ক্লাৱটোৱে বিভিন্ন সময়ত গ্ৰহণ কৰা জনকল্যাণমূলক নীতিক প্ৰশংসা কৰে বিশিষ্ট ব্যক্তি তথা ৰাইজে ৷

মুকলি সভাৰ অন্তত নিশা সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰে উদ্যোক্তাসকলে ৷ উল্লেখ্য যে আজিও বিভিন্ন সাংস্কৃতিক কাৰ্যক্ৰমণিকাৰ অন্তত অনুষ্ঠানটোৰ সামৰণি পৰে ৷

Exit mobile version